অসম

assam

ETV Bharat / bharat

কেন্দ্ৰক মনৰেগা শ্ৰমিকৰ কৰ্মসূচী দুগুন কৰাৰ আহ্বান শচীন পাইলটৰ

দেওবাৰে কেন্দ্ৰীয় গ্ৰাম্য বিকাশ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰলৈ ৰাজস্থানৰ উপ মুখ্যমন্ত্ৰী শচীন পাইলটৰ পত্ৰ । ১০০ দিনৰ সলনি মনৰেগা শ্ৰমিকৰ কৰ্মদিন ২০০ দিনলৈ বৃদ্ধি কৰাৰ আহ্বান ।

Sachin Pilot demands Centre to double days of work under MGNREGA
Sachin Pilot demands Centre to double days of work under MGNREGASachin Pilot demands Centre to double days of work under MGNREGA

By

Published : Apr 27, 2020, 11:38 AM IST

নিউজ ডেস্ক, ২৭ এপ্ৰিলঃ ৰাজস্থানত মনৰেগা আঁচনিৰ অধীনত কৰ্মৰত প্ৰায় ১.১৩ কোটি শ্ৰমিক । এই শ্ৰমিকৰ কৰ্মদিন দুগুন কৰাৰ উদ্দেশ্য়ে দেওবাৰে কেন্দ্ৰীয় গ্ৰাম্য বিকাশ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰলৈ ৰাজস্থানৰ উপ মুখ্যমন্ত্ৰী শচীন পাইলটৰ পত্ৰ । ১০০ দিনৰ পৰিৱৰ্তে ২০০ দিন কৰ্ম দিন বৃদ্ধি কৰাৰ আহ্বান উপ মুখ্যমন্ত্ৰীগৰাকীৰ ।

মনৰেগা আঁচনিখন হৈছে গ্ৰাম্যাঞ্চলৰ শ্ৰমিক আৰু দিন হাজিৰা কৰা লোক সকলৰ জীৱিকাৰ প্ৰধান আহিলা । বৰ্তমান লক ডাউনৰ ফলত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে এই সকল দৰিদ্ৰ লোক । যাৰ বাবে ২০২০-২১ বৰ্ষত বিত্তীয় সাহায্য় হিচাপে এই সকল ভুক্তভোগী লোক সকলক মনৰেগা আঁচনিৰ অধীনত ১০০ দিনীয়া কৰ্মসূচীৰ সলনি প্ৰত্যেক পৰিয়ালৰ বাবে ২০০ দিনলৈ কৰ্মদিন বৃদ্ধি কৰাৰ কেন্দ্ৰক আহ্বান জনাইছে শচীন পাইলটে ।

উপ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, লক ডাউনৰ ফলত মনৰেগা আঁচনি কাৰ্যকৰি কৰাত অসুবিধাৰ সন্মুখীন হ'ব লাগিব । কিন্তু আঁচনিটোৰ বাবে পৰ্যাপ্ত ধন থকাটো অতিকৈ জৰুৰী । সেয়ে ৰাজ্য়ৰ সামগ্ৰী প্ৰমুখ্যৰ অধীনত ৩১০ কোটি outstanding ধনৰাশী জাৰী কৰাৰ লগতে অতিৰিক্ত ধন সোনকালে উপলব্ধ কৰিব লাগে, যাতে আঁচনি কাৰ্যকৰি কৰাত অসুবিধাৰ সৃষ্টি নহয় ।

ইয়াৰ লগতে মনৰেগা ভুক্তভোগী শ্ৰমিক, দিন-হাজিৰা কৰাৰ লোকক বিত্তীয় সাহায্য় প্ৰদান কৰাৰ এক উত্তম মাধ্য়ম বুলি কয় উপ মুখ্যমন্ত্ৰী শচীন পাইলটে ।

ABOUT THE AUTHOR

...view details