অসম

assam

বাৰ্ষিক মান্দালা পূজাৰ বাবে মুকলি সৱৰিমালা মন্দিৰ

মান্দালা পূজাৰ বাবে মুকলি কেৰালাৰ সৱৰিমালা মন্দিৰ ৷ সৱৰিমালা তীৰ্থৰ এক বাৰ্ষিক ধৰ্মীয় ৰীতি হিচাপে জনাজাত মান্দালা পূজাৰ বাবে মন্দিৰটো মুকলি কৰা হৈছে ৷

By

Published : Nov 21, 2020, 9:01 PM IST

Published : Nov 21, 2020, 9:01 PM IST

বাৰ্ষিক মান্দালা পূজাৰ বাবে মুকলি সৱৰিমালা মন্দিৰ
বাৰ্ষিক মান্দালা পূজাৰ বাবে মুকলি সৱৰিমালা মন্দিৰ

সৱৰিমালা, 21 নৱেম্বৰ:মান্দালা পূজা উপলক্ষেভগৱানআয়াপ্পাক সেৱা জনোৱাৰ উদ্দেশ্যে ক'ভিড-19 ৰ নীতি নিৰ্দেশনা মানি শুকুৰবাৰে সান্নিধ্যনমত ভক্তৰ ব্যাপক ভিৰ ৷ ক'ভিড অতিমাৰীৰ প্ৰতি লক্ষ্য ৰাখি সৱৰিমালাৰ বাৰ্ষিক ধৰ্মীয় ৰীতি হিচাপে জনাজাত মান্দালা পূজাৰ বাবে মন্দিৰ প্ৰাংগনত বিশেষ নীতি নিয়ম মানি চলা হৈছে ৷

ক'ভিড-19 সম্পৰ্কীয় সকলো নিৰ্দেশনাকেই মন্দিৰ প্ৰাংগনত বাধ্যতামূলক কৰি তোলা হৈছে ৷ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰি তোলাৰ লগতে স্বেচ্ছাসেৱক সকলৰ মাজতো সামাজিক ব্যৱধান বাধ্যতামূলক কৰা হৈছে ৷ অৱশ্যে ক'ভিড সৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ তুলনাত এইবাৰ মন্দিৰ প্ৰাংগণ একেবাৰে প্ৰায় খালী যেন পৰিলক্ষিত হৈছে ৷

প্ৰায় সাত মাহ পূৰ্বে ক'ভিড-19 ৰ বাবে বন্ধ কৰা মন্দিৰৰ দুৱাৰ অক্টোবৰ 16 তাৰিখৰ পৰা ভক্তৰ বাবে মুকলি কৰি দিয়া হৈছিল ৷ কেৰালাৰ মুখ্যমন্ত্ৰী গৰাকীয়েও মন্দিৰ পৰিদৰ্শন কৰাৰ বাবে অহা সকলো ভক্তৰে হাতত ক'ভিড -19 নিগেটিভ চাৰ্টিফিকেট অনাটো বাধ্যাতামূলক কৰিছে ৷ অৱশ্যে বৰ্তমান 250 গৰাকী লোককহে এটা দিনত মন্দিৰ পৰিদৰ্শনৰ অনুমতি প্ৰদান কৰিছে ৷

লগতে পঢ়ক:অক্ষয় কুমাৰে দিয়া মানহানি গোচৰৰ জাননীৰ বিৰোধিতা ইউ টিউবাৰৰ

ABOUT THE AUTHOR

...view details