অসম

assam

ETV Bharat / bharat

হায়দৰাবাদ এনকাউন্টাৰঃ কোন এই এনকাউণ্টাৰ নায়ক সজ্জনাৰ ? - Saaho Sajjnar is trending on Social Media

শুকুৰবাৰৰ এনকাউন্টাৰৰ ঘটনাৰ পিছতে সমগ্ৰ দেশেই তেলেংগানা আৰক্ষীক প্ৰশংসাৰে উপচাই পেলাইছে ৷ #জয় পুলিচ #জয় জয় পুলিচ #চাহু চজন্নাৰ আদিয়ে চ’ছিয়েল মিডিয়াত প্ৰচাৰ লাভ কৰিছে ৷

Saaho Sajjnar is trending on Social Media
চ’ছিয়েল মিডিয়াৰ শীৰ্ষত হায়দৰাবাদ এনকাউন্টাৰৰ নায়ক ভিচি সজ্জনাৰ

By

Published : Dec 6, 2019, 1:27 PM IST

নিউজ ডেক্স, 6 ডিচেম্বৰঃ হায়দৰাবাদ চাঞ্চল্যকৰ ধৰ্ষণকাণ্ডৰ চাৰি অভিযুক্তৰ এনকাউন্টাৰৰ বাতৰিয়ে ইতিমধ্যে চ’ছিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ যিসকল লোকে ঘটনাৰ আৰম্ভনিতে আৰক্ষীক সমালোচনা কৰিছিল, শুকুৰবাৰৰ ঘটনাৰ পিছত সেইসকল লোকে আৰক্ষীক প্ৰশংসাৰে উপচাই পেলাইছে ৷ #জয় পুলিচ #জয় জয় পুলিচ #চাহু সজ্জনাৰ আদিয়ে চ’ছিয়েল মিডিয়াত প্ৰচাৰ লাভ কৰিছে ৷ বিগত সময়চোৱাত আৰক্ষীয়ে ৱাৰাঙ্গলৰ এচিড আক্ৰমণৰ অভিযুক্ত সকলকো এনকাউন্টাৰ কৰিছিল ৷ সেইসময়ত ৱাৰাঙ্গলৰ আৰক্ষী অধীক্ষক আছিল সজ্জনাৰ ৷ যদিও ই এক সংযোগৰ ঘটনা কিন্তু সাধাৰণ জনতাই চ’ছিয়েল মিডিয়াযোগে উক্ত ঘটনাৰ প্ৰশংসা কৰে ৷

ভিচি সজ্জনাৰ

এগৰাকী মহিলাই ঘটনা সন্দৰ্ভত এইবুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যে, "উক্ত এনকাউন্টাৰৰ জৰিয়েতে আৰক্ষীয়ে সেইসকল লোকক শাস্তি প্ৰদান কৰিছে, যাৰ দ্ৰুত শাস্তিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল ৷" আন এগৰাকী নেটিজেনে সাজ্জনাৰক প্ৰকৃত জীৱনৰ সিংঘমৰ লগত তুলনা কৰে ৷ তেলেংগানাই এনে এগৰাকী আৰক্ষী লাভ কৰি গৰ্বিত যি এনকাউন্টাৰৰ জৰিয়তে দুষ্কৃতিকাৰীসকলক উচিত শিক্ষা প্ৰদান কৰে ৷

ভিচি সজ্জনাৰ

1996 বৰ্ষৰ আই পি এচ বিষয়া ভিচি সজ্জনাৰ হায়দৰাবাদ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্তৰ এনকাউন্টাৰৰ পিছতেই তাৎক্ষণিকভাৱে চৰ্চালৈ আহে ৷ আৰক্ষী মহাপৰিদৰ্শক পদমৰ্যদাৰ আই পি এচ বিষয়া সাজ্জনাৰ সম্প্ৰতি ছাইবাৰাবাদৰ আৰক্ষী অধীক্ষকৰূপে কৰ্তব্যৰত হৈ আছে ৷ দিশা সামূহিক ধৰ্ষণ আৰু হত্যাকাণ্ড তেখেতৰ আধিকাৰিক ক্ষেত্ৰৰ অন্তৰ্ভূক্ত আছিল ৷ 2008 বৰ্ষত ৱাৰাঙ্গলৰ এচিড আক্ৰমণৰ তিনি অভিযুক্তকো গুলিয়াই হত্যা কৰা হয় ৷ এচিড আক্ৰমণৰ অভিযু্ক্ত কেইজন আছিল ক্ৰমে শ্ৰীনিৱাস, হৰিকৃষ্ণ আৰু সঞ্জয় ৷

ভিচি সজ্জনাৰ

নৱগঠিত নক্সালৰ নয়িমুদ্দিন ওৰফে নয়িমৰ এনকাউন্টাৰতো সজ্জনাৰে মুখ্য ভূমিকা পালন কৰিছিল ৷ হায়দৰাবাদৰ উপকন্ঠীয় এলেকাত নয়িমক গুলিবিদ্ধ কৰা হৈছিল ৷ সজ্জনাৰ অন্ধ্ৰ আৰক্ষীৰ লগতে তেলেংগানা আৰক্ষীৰ বহুকেইটা মুখ্য পদবীত অধিষ্ঠিত আছিল ৷ তেখেত যেতিয়া এস আই বিক নেতৃত্ব প্ৰদান কৰিছিল , সেই সময়তেই তেখেতে মাওবাদীৰ গ্ৰেপ্তাৰ তথা শীৰ্ষ নক্সাল নেতাসকলৰ হত্যাৰ ঘটনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ শুকুৰবাৰে দিশা হত্যাকাণ্ডৰ অভিযুক্তৰ এনকাউন্টাৰৰ বাতৰিয়ে পুনৰবাৰ তেখেতৰ নামটো বিতৰ্কৰ শীৰ্ষত আনি দিছে ৷ ঘটনাৰ পদক্ষেপৰ বিষয়ে আৰক্ষী পৰিচালক এম মহিন্দৰ ৰেড্ডি তথা ভি এচ সজ্জনাৰে ৰাজ্যৰ শীৰ্ষ ৰাজনৈতিক নেতাসকলৰ সৈতে একাধিক আলোচনাত মিলিত হৈছিল ৷

আৰু পঢ়ক- অভিযুক্তৰ এনকাউন্টাৰৰ বাবে আৰক্ষীক ধন্যাবাদ জ্ঞাপন দিশাৰ পিতৃ-ভগ্নীৰ

ABOUT THE AUTHOR

...view details