অসম

assam

By

Published : Oct 22, 2020, 10:42 PM IST

ETV Bharat / bharat

লেবাননৰ প্ৰধানমন্ত্ৰী পদত চাড হেৰিৰি

মুঠ 65 গৰাকী আইন প্ৰণেতাই হেৰিৰিৰ সপক্ষে মত দান কৰাৰ বিপৰীতে 53 গৰাকী বিপক্ষে মত দান কৰে ৷ দুগৰাকী অৱশ্যে উপস্থিত থাকে মত গ্ৰহণ অনুষ্ঠানত ৷

লেবাননৰ প্ৰধানমন্ত্ৰী পদত চাড হেৰিৰি
লেবাননৰ প্ৰধানমন্ত্ৰী পদত চাড হেৰিৰি

ইন্টাৰনেশ্যনেল ডেস্ক, 22 অক্টোবৰ : লেবাননৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে পুনৰ নিৰ্বাচিত হৈছে চাড হেৰিৰি ৷ ইতিপূৰ্বে দুবাৰকৈ লেবাননৰ মন্ত্ৰী পৰিষদৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল হেৰিৰিয়ে ৷ ছেপ্টেম্বৰৰ শেষৰফালে মোস্তাফা আদিবে পদত্যাগ কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয় হেৰিৰি ৷ ৰাষ্ট্ৰপতি আওনে চাড হেৰিৰিক নতুন চৰকাৰ গঠনৰ বাবে নিৰ্দেশ প্ৰেৰণ কৰিছে ৷

এই কেবিনেটখন 2016 চনৰ পৰা হেৰিৰিৰ নেতৃত্বত আছিল আৰু 2019 চনৰ 29 অক্টোবৰত তেওঁ পদত্যাগ কৰিছিল ৷ অৰ্থনৈতিক সংকটৰ বাবে লেবাননত ব্যপক ৰূপ লোৱা প্ৰতিবাদৰ মাজতে পদত্যাগ কৰিছিল কেবিনেটখনে ৷ হেৰিৰিয়ে 2009 ৰ পৰা 2011 লৈ চৰকাৰক নেতৃত্ব দিছিল ৷ 2020 চনত নতুন চৰকাৰখন গঠন হৈছিল আৰু হাছান ডিয়াবক প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব অৰ্পন কৰা হৈছিল যদিও ডিয়াবৰ শাসন দীৰ্ঘ সময়ৰ বাবে নিটিকিল ৷ আগষ্ট মাহত বেইৰুটত সংঘটিত ভয়াৱহ বিস্ফোৰণৰ পাচতে ডিয়াব চৰকাৰৰ ভেটি থৰক বৰক হয় ৷ বেইৰুটৰ সেই বিস্ফোৰণত প্ৰায় 200 লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে সহস্ৰাধিক লোক আহত হৈছিল ৷

তাৰ পাচতেই মোস্তাফা আদিবে এমাহৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল ৷ কিন্তু এমাহৰ পাচতেই ছেপ্টেম্বৰ মাহত আদিবে পদত্যাগ কৰে ৷ আভ্যন্তৰীণ ৰাজনৈতিক সংঘাতৰ বাবে অৱসান ঘটিছিল আদিবৰ শাসনৰ ৷

লগতে পঢ়ক : তেলেংগানা: মুখ্যমন্ত্ৰী সাহাৰ্য পূঁজিলৈ ৰামোজী গ্ৰুপৰ 5 কোটিৰ অনুদান

ABOUT THE AUTHOR

...view details