অসম

assam

ETV Bharat / bharat

এছ. জয়শংকৰৰ ৰাজ্য সভাৰ সদস্য হিচাপে শপত গ্ৰহণ - ৰাজ্য সভা

২০১৯ৰ মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দ্বিতীয়বাৰ শাসনলৈ অহাৰ পাচত প্ৰাক্তন কুটনৈতিক বিষয়া সুব্ৰমণিয়ম জয়শংকৰ কৃষ্ণস্বামীক বৈদেশীক পৰিক্ৰমা মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল ।

এছ.জয়শংকৰৰ ৰাজ্য সভাৰ সদস্য হিচাপে শপত গ্ৰহণ

By

Published : Jul 8, 2019, 3:56 PM IST

নিউজ ডেস্ক, ০৮ জুলাই:বিগত সপ্তাহত গুজৰাটৰ পৰা ৰাজ্য সভালৈ নিৰ্বাচিত হোৱা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ.জয়শংকৰে সোমবাৰে ৰাজ্য সভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। ২০১৯ৰ মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দ্বিতীয়বাৰ শাসনলৈ অহাৰ পাচত প্ৰাক্তন কূটনৈতিক বিষয়া সুব্ৰমণিয়ম জয়শংকৰ কৃষ্ণস্বামীক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল ।

মোডী চৰকাৰৰ পূৰ্বৰ কাৰ্যকালত জয়শংকৰ বৈদেশিক সচিব হিচাপে কৰ্মৰত আছিল । সাধাৰণ নিৰ্বাচনত লোকসভালৈ নিৰ্বাচিত হোৱা গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু শিশু কল্যাণ মন্ত্ৰী স্মৃতি ইৰাণীয়ে পদত্যাগ কৰাৰ পাচত যোৱা সপ্তাহত অনুষ্ঠিত উপ-নিৰ্বাচনত জয়শংকৰ উচ্চ সদনৰ বাবে নিৰ্বাচিত হৈছিল। উল্লেখ্য যে জয়শংকৰ,ভাৰতৰ শীৰ্ষ কৌশল বিশ্লেষক প্ৰয়াত কে.সুব্ৰমণিয়মৰ পুত্ৰ। আনহাতে সদনত অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠানত ১৯৭৭ বৰ্ষৰ প্ৰাক্তন ভাৰতীয় বৈদেশিক সেৱাৰ অধিকাৰী জয়শংকৰে ইংৰাজীত শপত গ্ৰহণ কৰাৰ পাচতে তেওঁক সদনত উপস্থিত অধ্যক্ষ আৰু আন সদস্য সকলে অভিনন্দন জনায় । ইপিনে জয়শংকৰে শপত লোৱা সময়ত গৃহ মন্ত্ৰী অমিত শ্বাহো সদনত উপস্থিত আছিল ।

শপত গ্ৰহণ অনুষ্ঠানৰ আৰম্ভণিতে সদনে প্ৰাক্তন মহাসচিব সুদৰ্শন আগৰৱালৰ মৃত্যুত শোক ব্যক্ত কৰে। সদনত বৈঠক অনুষ্ঠিত হোৱা সময়ত সভাপতি ভেংকয়া নাইডুৱে ৩ জুলাই তাৰিখে ৮৮ বৰ্ষত আগৰৱালাৰ মৃত্যু হৈছিল বুলি উল্লেখ কৰে। আগৰৱাল ১৯৮১চনৰ মে আৰু ১৯৯৩ চনৰ জুনৰ মাজত ১২ বৰ্ষৰ বাবে ৰাজ্য সভাৰ মহাসচিব আছিল । সুদৰ্শন আগৰৱালাৰ মৃত্যুৰ পাচত দেশখনে এজন প্ৰসিদ্ধ সংবিধানিক বিষেশজ্ঞ, এজন সক্ষম অধিকাৰী আৰু এজন সমৰ্পিত সামাজিক কাৰ্যকৰ্তাক হেৰুৱালে বুলি নাইডুৱে মন্তব্য কৰে।

ABOUT THE AUTHOR

...view details