নেশ্বনেল ডেস্ক, 28 জুলাই : কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এছ. জয়পাল ৰেড্ডীৰ হাইদৰাবাদৰ এখন চিকিৎসালয়ত 77 বছৰ বয়সত দেওবাৰে পুৱা 1.28 বজাত পৰলোকপ্ৰাপ্তি ঘটে ৷ যোৱা কিছুদিন ধৰি নিউমনিয়া ৰোগত ভূগি আছিল জ্যেষ্ঠ নেতা গৰাকী ৷
জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়পাল ৰেড্ডীৰ দেহাৱসান - নিউমনিয়া ৰোগ
দেওবাৰে পুৱা 1.28 বজাত দেহাৱসান ঘটে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়পাল ৰেড্ডীৰ ৷ কিছুদিন ধৰি নিউমনিয়া ৰোগত ভূগি আছিল জ্যেষ্ঠ নেতা গৰাকী ৷
![জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়পাল ৰেড্ডীৰ দেহাৱসান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3967722-thumbnail-3x2-re-2.jpg)
জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়পাল ৰেড্ডীৰ দেহাৱসান
জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়পাল ৰেড্ডীৰ দেহাৱসান
1942 চনৰ 16 জানুৱাৰীত তেলেংগানাৰ মেহবুবনগৰ জিলাত জন্ম গ্ৰহণ কৰা বৰ্ষীয়ান নেতা গৰাকীয়ে 5 বাৰকৈ লোকসভালৈ নিৰ্বাচিত হোৱাৰ লগতে 2 বাৰকৈ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল ৷ তাৰোপৰি, তেওঁ ইন্দৰ কুমাৰ গুজৰাল চৰকাৰৰ সময়ত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল ৷ মনমোহন সিং চৰকাৰৰ দিনতো তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল ৷
Last Updated : Jul 28, 2019, 12:09 PM IST