ভাৰতৰ ভৱিষ্যত গ্ৰামাঞ্চলৰ উন্নয়নৰ ওপৰতেই নিৰ্ভৰশীল বুলি মহাত্মা গান্ধীয়ে দৃঢ়তাৰে বিশ্বাস কৰিছিল । ভাৰতীয় গণৰাজ্যৰ সাত দশকৰ কালছোৱাত বিকেন্দ্ৰীকৰণৰ উৎসাহ ক’তো দেখা পোৱা নাযায় । যদিও গাঁওবাসীক তাৎক্ষণিক ন্যায় প্ৰদান কৰাৰ উদ্দেশ্যে গ্ৰাম ন্যায়ালয় আইন ২০০৯ প্ৰৱৰ্তন কৰা হৈছে, ইয়াৰ ৰূপায়ণ তেনেই মন্থৰ । নেশ্যনেল প্ৰডাক্টিভিটী কাউন্সিলৰ মতে মাত্ৰ এঘাৰখন ৰাজ্যইহে ২০০৯-১৮ কালছোৱাত গ্ৰাম্য আদালতসমূহ পূৰণ কৰাৰ বাবে জাননী দিছে । ৩২০ খন প্ৰস্তাৱিত গ্ৰাম্য আদালতৰ মাত্ৰ ২০৪ খনহে কাৰ্যক্ষম অৱস্থাত থকা সন্দৰ্ভত বিগত বৰ্ষত নেশ্যনেল ফেডাৰেশ্যন অৱ্ ছ’চাইটিছ ফৰ্ ফাষ্ট জাষ্টীছ্ নামৰ সংস্থাটোৱে এক ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ দাখিল কৰিছিল । উচ্চতম ন্যায়াধিকৰণে গ্ৰাম্য আদালতৰ বিৰুদ্ধে দাখিল কৰা বহু গোচৰৰ ক্ষেত্ৰত বিভিন্ন নিৰ্দেশনা প্ৰদান কৰিছে । এই গোচৰসমূহৰ অভিযোগ অনুসৰি গ্ৰামাঞ্চলৰ দুখীয়া লোকসকল বৰ্তমানৰ ন্যায়িক ব্যৱস্থাটোৰ ভুক্তভোগী হৈ পৰিছে সংবিধানৰ ৩৯ (ক) অনুচ্ছেদ অনুসৰি আদালতসমূহ স্থাপন কৰা হোৱা নাই । এন ভি ৰামানা, সঞ্জীৱ খান্না আৰু কৃষ্ণ মুৰাৰীৰে গঠিত তিনিজনীয়া বিচাৰপীঠে নিৰ্দেশনা দিছে যে যিসমূহ ৰাজ্যই গ্ৰাম্য আদালত স্থাপনৰ যো-জা কৰা নাই সেইসমূহ ৰাজ্যই চাৰি সপ্তাহৰ ভিতৰত প্ৰয়োজনীয় জাননী জাৰি কৰিব লাগিব । আদালত স্থাপন আৰু নিযুক্তিৰ প্ৰক্ৰিয়া তৰান্বিত কৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলে সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰ সৈতে আলোচনা কৰিব লাগিব বুলি স্পষ্ট কৰি দিয়া হৈছে । পূৰ্বৰ নিৰ্দেশনাত উচ্চতম ন্যায়ালয়ে ছত্তীশগড়, গুজৰাট, তেলেংগানা, পশ্চিমবংগ, উত্তৰাখণ্ড, আৰু ওড়িশাই শপতনামা দাখিল নকৰা কাৰ্যক গুৰুতৰ অপৰাধ হিচাপে বিবেচনা কৰে । উচ্চতম ন্যায়ালয়ে বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ পৰিপ্ৰেক্ষিতত গ্ৰামাঞ্চলত ন্যায়ৰ ক্ষেত্ৰত আশাৰ ৰেঙণি দেখা পোৱা গৈছে ।
ভাৰতত সুদীৰ্ঘ কালৰে পৰা গ্ৰাম্য আইন ব্যৱস্থাৰ ধাৰণাটো আছে । গাঁৱৰ জ্যেষ্ঠ লোকসকলৰ দ্বাৰা বিবাদ মীমাংসা কৰাটো এক ন্যায়সংগত কাৰ্য হিচাপে গ্ৰহণ কৰি অহা হৈছিল । ইয়াৰ ফলত গাঁৱৰ বাসিন্দাসকলে আদালতৰ কাষ চপাৰ পৰা বিৰত থাকিছিল । চাৰি দশক পূৰ্বে গাঁওসমূহত ন্যায় প্ৰদান কৰাৰ উদ্দেশ্যে ৩০ হাজাৰ আইনী পেনেল স্থাপন কৰা হৈছিল । তিনি দশক পূৰ্বে অন্ধ্ৰ প্ৰদেশৰ এন টি আৰ চৰকাৰে যেতিয়া বিধানসভাত মণ্ডল প্ৰজা পৰিষদ বিধেয়ক উত্থাপন কৰিছিল কংগ্ৰেছে ইয়াৰ বিৰুদ্ধে ভোটদান কৰিছিল । যদিও এন টি আৰে বিধেয়কখন ১৯৯৫ চনত গৃহীত কৰায় এবছৰৰ ভিতৰতে ই বাতিল হয় । সকলো শ্ৰেণীৰ লোকৰে ন্যায় সুনিশ্চিত কৰাৰ বাবে মনমোহন সিং চৰাকাৰে গ্ৰাম্য আদালতৰ ধাৰণাটো আৰম্ভ কৰে । প্ৰথম পৰ্যায়ত পাঁচ হাজাৰ গ্ৰাম্য আদালত স্থাপন কৰা হ’ব বুলি খবৰ ওলাইছিল যদিও অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৱাই এছ আৰে ইয়াৰ বিৰোধিতা কৰিছিল । অৱশেষত তেলেংগানাত ৫৫ খন আৰু অন্ধ্ৰ প্ৰদেশত ৮২ খন গ্ৰাম্য আদালত স্থাপন কৰা হয় যদিও এই ক্ষেত্ৰত কোনো অগ্ৰগতি দেখা পোৱা নাই । যদি ন্যায়িক সেৱাৰ বিকেন্দ্ৰীকৰণৰ এই ব্যৱস্থা সঠিকভাৱে ৰূপায়িত হয় তেন্তে গ্ৰামাঞ্চলৰ লোকসকল উপকৃত হ’ব ।