ক’ভিড-19 এ যি দ্ৰুতবেগ আৰু প্ৰভাৱেৰে বিশ্ব অৰ্থনীতি আৰু অৰ্থনৈতিক গতিশীলতাক কোঙা কৰি পেলাইছে; ইয়াৰ প্ৰভাৱ অনাগত বহু বছৰলৈকে অনুভূত হৈ থাকিব ৷ বৰ্তমানৰ এই বৃহৎ সংকটৰ প্ৰাদূৰ্ভৱৰ সময়তে বিশ্বই 2008 চনত দেখা দিয়া বিশ্ব অৰ্থনৈতিক সংকটৰ পৰা পৰিত্ৰাণ পাই উঠিছিল মাথো ৷ ভাৰতবৰ্ষ এনে সংকটৰ পৰা নিৰাপদ নহয় ৷ ইয়াৰ বিপৰীতে, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বৃহৎ ৰাজহ আৰু বৃত্তীয় ঘাটিয়ে ভাৰতীয় অৰ্থনীতিক ইয়াৰ আটাইতকৈ দূৰ্বলতম স্থানত অৱস্থান কৰাইছিল; য’ত ব্যক্তিগত প্ৰতিস্থানবোৰৰ বিনিয়োগ আৰু সঞ্চয় হ্ৰাস পোৱা, ৰপ্তানী কমি পোৱা, উচ্চ স্তৰৰ ঋণগ্ৰস্থতা, বেংকসমূহৰ সংকট আদিয়ে ‘টকা’ক সৰ্বকালৰ নিম্নতম স্থানলৈ ঠেলি দিছিল ৷ আত্মসন্তুষ্টিৰ এক মিছা আৱেশে আমাক ভাবিবলৈ বাধ্য কৰাইছে যে, অভিলেখ হাৰত বৃদ্ধি পোৱা বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ আমাৰ বাবে এক আশাৰ ৰেঙণি হৈ আহিছে ৷ সমস্যাজনকভাৱে অন্য দেশৰ দৰে ভাৰতবৰ্ষৰ ক্ষেত্ৰত এই অতিৰিক্ত সঞ্চয়ৰ আটাইখিনি ভাৰত চৰকাৰৰ নিজা উদ্বৃত নহয় ৷
আশাৰ ৰেঙণি
এক অন্যধৰণৰ অৰ্থনৈতিক কলীয়া ডাৱৰৰ মাজেৰে অহা ৰূপালী কিৰণ, যিয়ে গ্ৰামীণ অৰ্থনীতিত জীৱন সঞ্চাৰ হোৱা বুলি ইংগিত প্ৰদান কৰিছে… ইয়াক সুক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ প্ৰয়োজন আছে ৷ অৱশ্যে সমগ্ৰ আৰ্থিক ব্যৱস্থাটোত কিছু ইতিবাচক দিশো নথকা নহয় ৷ গ্ৰাম্যাঞ্চলৰ চাহিদা ক্ৰমাগতভাৱে উজ্জীৱিত হ’বলৈ ধৰিছে ৷ স্থানীয় লক ডাউনবোৰৰ পাচতো বিদ্যুতৰ চাহিদা প্ৰাক-ক’ভিড স্তৰলৈকে বৃদ্ধি পাইছে ৷ মে’ৰ পৰা পেট্ৰলিয়ামজাত সামগ্ৰীৰ ব্যৱহাৰো বৃদ্ধি পাইছে ৷ ৰাষ্ট্ৰীয় ঘাইপথসমূহত যাতায়ত বৃদ্ধি পাইছে ৷ আনহাতে, দুচকীয়া বাহনৰ চাহিদাও আশা কৰাতকৈ দ্ৰুতগতিত উন্নত হৈছে আৰু বিগত বৰ্ষৰ তুলনাত ট্ৰেক্টৰৰ চাহিদা প্ৰায় 20% লৈ বৃদ্ধি পাইছে ৷ প্ৰকৃত কথাটো হ’ল, গ্ৰামাঞ্চলসমূহ অত্যধিক ঋণৰ বোজাত নাই ৷ যাৰ অৰ্থ হৈছে বেংকসমূহে ঋণ প্ৰদান কৰিবলৈ ইচ্ছা কৰি এই অঞ্চলসমূহত কিছু ঋণ প্ৰৰোচিত গ্ৰাহক সৃষ্টি কৰাৰ সুযোগ ল’ব পাৰে ৷ গ্ৰামাঞ্চলসমূহৰ চাহিদাৰ লগত জড়িত এই সংকেতবোৰে ইয়াকে সূচাই যে, ভাৰতবৰ্ষই আশা কৰাতকৈ সোনকালে পৰিত্ৰাণ লাভ কৰিব ৷
গ্ৰামাঞ্চলৰ চাহিদা কৃষি, প্ৰৱজ্জন, ঋণ আৰু চৰকাৰৰ পৃষ্ঠপোষকতাৰ ওপৰত নিৰ্ভৰশীল ৷ অৰ্থনীতিৰ এই কঠিন সন্ধিক্ষণত বিগত বৰ্ষৰ তুলনাত অধিক ট্ৰেক্টৰ বিক্ৰী হোৱা ঘটনাই এই আশা দেখুৱাইছে যে, উন্নীত গ্ৰামীণ অৰ্থনীতিয়ে উপভোক্তা আৰু অৰ্থনীতিক সামৰ্থতা প্ৰদান কৰিব ৷ বিগত বৰ্ষৰ 4 কোটি একৰৰ বিপৰীতে 5.8 কোটি হেক্টৰ কৃষি ভূমিত খাৰিফ শস্যৰ ৰূপণৰ আশাব্যঞ্জক আৰম্ভণিৰে ধান(26%), দালি(160%), ঘেহু(29%), তেলৰ বীজ(85%) আৰু কপাহৰ(35%) ক্ষেত্ৰত হোৱা বৃহৎ বৃদ্ধি এক শুভ সংকেত ৷ যদি এই গতিক কোনো প্ৰাকৃতিক বিপৰ্যয় তথা কীট-পতংগই ধ্বংস নকৰে তেনেহ’লে এই বৰ্ষত ই এক বৃহৎ অংকৰ শস্য যোগান ধৰিবলৈ সক্ষম হ’ব ৷ ইয়াৰ অৰ্থ হ’ল গ্ৰামঞ্চলত কৃষি ক্ষেত্ৰত সাম্ভাব্য বৃহৎ সংখ্যক নিযুক্তি আৰু উচ্চ ব্যয়যোগ্য আয় লাভ কৰা ৷
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দৰে আন আন বৃহৎ উৎপাদনকাৰী দেশসমূহত বিগত বৰ্ষৰ তুলনাত এইবাৰ শস্য ৰূপণত হোৱা হ্ৰাসৰ কথা বিবেচনা কৰিলে আন্তঃৰাষ্ট্ৰীয় কৃষিজাত সামগ্ৰীৰ দৰ সহায়ক হ’ব বুলি ক’ব পৰা যায় ৷ কৃষি ক্ষেত্ৰত যিকোনো ধৰণৰ উন্নতিয়েই আদৰণীয় কিয়নো চহৰাঞ্চললৈ হোৱা প্ৰৱজন আৰু ধনৰ প্ৰৱাহ সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে ৷
বৃত্তীয় বৰ্ষৰ শেষৰ তিনি মাহলৈ চৰকাৰী আবন্তিত পুঁজিৰ ব্যয়ৰ বাবে অপেক্ষা কৰি থকাতকৈ এতিয়াই ব্যয় কৰিলে গ্ৰামীণ অৰ্থনীতিত পৰা হেঁচা পৰিমাণ কম হ’ব ৷ চৰকাৰী তথ্যত দেখিবলৈ পোৱা গৈছে যে কৃষি আৰু গ্ৰাম্য বিকাশ মন্ত্ৰালয়ে এই পৰ্যন্ত বিগত বৰ্ষৰ 44,000 কোটিৰ বিপৰীতে 90,000 কোটি টকা ব্যয় কৰিছে ৷ সমগ্ৰ ধনৰাশীৰ সিংহভাগ গ্ৰাম্য উন্নয়ণ মন্ত্ৰালয়ে এন আৰ ই জি এছৰ (প্ৰায় 43,000 কোটি) নামত ব্যয় কৰিছে ৷ আনহাতে আৰম্ভণিৰে পৰা এতিয়ালৈকে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ ৰোজগাৰ যোজনাত আন 6,000 কোটি টকা খৰছ কৰা হৈছে ৷ চৰকাৰে নতুন বিত্তীয় বৰ্ষৰ এশ দিনৰ ভিতৰতে ইয়াৰ বাবে আবন্তিত মুঠ বাজেটৰ 95% ধন ব্যয় কৰিছে ৷ এন আৰ ই জি এছৰ দাৰা 2020 চনৰ এপ্ৰিলৰ পৰা এই পৰ্যন্ত প্ৰায় 130 জন ব্যক্তিকৰ্ম দিৱসৰ কাম উৎপন্ন কৰা হৈছে ৷ ইয়াত ছখন ৰাজ্যৰ দাৰা 6 কোটি ব্যক্তি দিৱসৰ গণনা কৰি উলিওৱা হৈছে আৰু ইয়াৰ দাৰা 4.87 কোটিখন ঘৰ উপকৃত হৈছে ৷ ইতিমধ্যে এই বিত্তীয় বৰ্ষৰ এশ দিনতে, বিগত সমগ্ৰ বৰ্ষটোত সৃষ্টি হোৱা ব্যক্তিকৰ্ম দিৱসৰ মুঠ 50% দিৱস সৃষ্টি হৈছে ৷ অন্ধ্ৰ প্ৰদেশত এন আৰ ই জি এছৰ সৰ্বাধিক সক্ৰীয় কৰ্মী আছে, যি তামিলনাডুতকৈ বেছি ৷ 4 খন ৰাজ্যত 1 কোটিতকৈও অধিক সক্ৰীয় কৰ্মী আছে ৷