অসম

assam

দুৰ্বল সমষ্টিত দলৰ স্থিতি সবল কৰাৰ নিৰ্দেশ মোডীৰ

By

Published : Jul 9, 2019, 5:08 PM IST

সাংসদসকলক পদযাত্ৰা অনুষ্ঠিত কৰিবলৈ আহ্বান মোডীৰ

দুৰ্বল সমষ্টিত দলৰ স্থিতি সবল কৰাৰ নিৰ্দেশ মোডীৰ

দিল্লী, 9 জুলাইঃ কেন্দ্ৰীয় বাজেট উত্থাপন হোৱাৰ পিছত মঙলবাৰে সংসদীয় দলৰ বৈঠকত মিলিত হয় বিজেপি দল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ লগতে দলটোৰ ৰাজ্যসভা আৰু লোকসভাৰ সাংসদসকলৰ উপস্থিতিত অনুষ্ঠিত কৰা হয় এই বৈঠকৰ ৷

এই বৈঠকত আগন্তুক 2 অক্টোবৰৰ পৰা 31 অক্টোবৰলৈকে সকলো সমষ্টিৰ সাংসদসকলক গান্ধী জয়ন্তী আৰু চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি পদযাত্ৰা কৰিবলৈ আহ্বান কৰে ৷

আনহাতে, যিবোৰ সমষ্টিত দলৰ স্থিতি সৱল নহয় সেই সমষ্টিসমূহত ৰাজ্যসভাৰ সাংসদসকলক নিজ সমষ্টিসমূহ ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ ল'বলৈ নিৰ্দেশ দিয়ে ৷ লগতে, সুকলমে বাজেট দাখিল কৰাৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক শুভেচ্ছা জ্ঞাপন কৰে মোডীয়ে ৷

ABOUT THE AUTHOR

...view details