অসম

assam

ETV Bharat / bharat

তথ্য জনাৰ অধিকাৰ আইন - ACT

2005 চনৰ 12 অক্টোবৰতেই তথ্য জনাৰ অধিকাৰ আইনখন কাৰ্যকৰীকৰণ কৰা হৈছিল ৷ যিসকল নাগৰিকে এই আইনখনৰ ওকালতি কৰিছিল তেওঁলোকে ভাৰতীয় আসোঁৱাহপূৰ্ণ নিৰ্বাচিত গণতন্ত্ৰক এক সঁচা অৰ্থত অংশগ্ৰহণমূলক গণতন্ত্ৰলৈ ৰূপান্তৰিত কৰিব পৰা সঁজুলি হিচাপে বিবেচনা কৰিছিল ৷ ৰাষ্ট্ৰৰ শাসকবৰ্গক যি স্বৰাজৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল, 90 দশকৰ আৰম্ভণিতে অৰুণা ৰয়ক লৈ আৰম্ভ কৰা আৰ টি আই আন্দোলনৰ নাগৰিকসকলে তেওঁলোকৰ সপোনক বিশ্বৰ ভিতৰতে আটাইতকৈ 'স্বচ্ছ আইন'ৰ ৰূপত প্ৰতিফলিত হোৱা দেখিবলৈ পাইছিল ৷

RTI ACT 2005
তথ্য জনাৰ অধিকাৰ আইন

By

Published : Oct 13, 2020, 2:31 PM IST

নিউজ ডেস্ক, 13 অক্টোবৰ :15 বছৰৰ আগেয়ে 2005 চনৰ 12 অক্টোবৰতেই তথ্য জনাৰ অধিকাৰ আইনখন কাৰ্যকৰীকৰণ কৰা হৈছিল ৷ সেই বিশেষ দিনটো আছিল শুভ বিজয়া দশমীৰ দিন আৰু ই ভাৰতীয় গণতন্ত্ৰত এক ন-বিবৰ্তনৰ সূচনা কৰিছিল ৷ যিসকল নাগৰিকে এই আইনখনৰ ওকালতি কৰিছিল তেওঁলোকে ভাৰতীয় আসোঁৱাহপূৰ্ণ নিৰ্বাচিত গণতন্ত্ৰক এক সঁচা অৰ্থত অংশগ্ৰহণমূলক গণতন্ত্ৰলৈ ৰূপান্তৰিত কৰিব পৰা সঁজুলি হিচাপে বিবেচনা কৰিছিল ৷ ৰাষ্ট্ৰৰ শাসকবৰ্গক যি স্বৰাজৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল, 90 দশকৰ আৰম্ভণিতে অৰুণা ৰয়ক লৈ আৰম্ভ কৰা আৰ টি আই আন্দোলনৰ নাগৰিকসকলে তেওঁলোকৰ সপোনক বিশ্বৰ ভিতৰতে আটাইতকৈ 'স্বচ্ছ আইন'ৰ ৰূপত প্ৰতিফলিত হোৱা দেখিবলৈ পাইছিল ৷

1975 চনৰ পৰা এক ধাৰবাহিক বিচাৰ প্ৰক্ৰিয়াত উচ্চতম ন্যায়ালয়ে স্বীকাৰ কৰিছে যে সংবিধানৰ অনুচ্ছেদ নং 19(1)(এ)এ বাক স্বাধীনতাৰ অধিকাৰ, প্ৰকাশ কৰাৰ অধিকাৰ আৰু তথ্য জনাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে নিশ্চিতি প্ৰদান কৰিছে ৷ যি নহওঁক যি সময়ত প্ৰথম দুটাক স্বীকৃতি প্ৰদান কৰা হৈছিল আৰু দিনক দিনে পৰিধিও বৃদ্ধি হৈছিল, কিন্তু ঠিক সেই একে সময়তে উপযুক্ত প্ৰক্ৰিয়া নথকাৰ বাবে তথ্য জনাৰ অধিকাৰ নাগৰিকক উপভোগ কৰিব পৰা নাছিল ৷ অৱশেষত 2005 চনত তথ্য জনাৰ আইনে এই অধিকাৰক উপযুক্তভাৱে সংহিতাবদ্ধ কৰে ৷

আইনখনৰ খছৰা প্ৰস্তুত কৰোতে আৰ টি আই কৰ্মীসকলৰ পৰা পৰামৰ্শ লোৱা হৈছিল আৰু তেওঁলোকৰ বিধানসমূহ খুব সুন্দৰকৈ প্ৰণালীবদ্ধ কৰা হৈছিল ৷ আইনখনৰ উপস্থাপনত কোৱা হৈছে যে, গণতন্ত্ৰৰ কাৰ্যকাৰিতাৰ বাবে স্বচ্ছতাৰ প্ৰয়োজন, দূৰ্নীতিক নিয়ন্ত্ৰণ কৰিব লাগিব তথা চৰকাৰৰ জৱাবদিহিতা থাকিব লাগিব ৷ ইয়াক কাৰ্যকৰীকৰণ কৰাত কিছুমান ব্যৱহাৰিক বাধা থাকিব পাৰে বুলি চিহ্নিত কৰাৰ পাচত পৰস্পৰ বিৰোধী মতবোৰক সংহত কৰা হয় আৰু ভাৰতবৰ্ষই পৃথিৱীৰ ভিতৰতে এখন অন্যতম স্বচ্ছ আইন পাবলৈ সক্ষম হয় ৷

এই শক্তিশালী আইনখন ব্যৱহাৰৰ জৰিয়তে নাগৰিক সকলকো সচেতনতা বৃদ্ধি কৰিবলৈ লয় তথা আনক শিক্ষিত কৰিবলৈ আৰম্ভ কৰে ৷ প্ৰথম পাঁচ বছৰৰ পৰা সাত বছৰৰ ভিতৰত নাগৰিকসকলে কেনেকৈ শক্তিশালী ৰূপত এই আইনখনক ব্যৱহাৰ কৰিব পাৰিব তাৰ সম্ভাৱনীয়তাৰ বিষয়ে উপলব্ধি কৰিব পাৰিছিল ৷

তেওঁলোকে বুজিব পাৰিছিল যে, তেওঁলোকে চৰকাৰক জৱাদিহি কৰি তুলিব পাৰিব আৰু চৰকাৰৰ বিভিন্ন কামত সতৰ্ক দৃষ্টি ৰাখিব পাৰিব ৷ কেইবাটাও কেলেংকাৰী উন্মোচিত হৈছিল আৰু চৰকাৰী সেৱকসকলে ৰাষ্ট্ৰৰ প্ৰকৃত শাসকসকল, অৰ্থাৎ নাগৰিকসকলক সন্মানৰ চকুঁৰে চাবলৈ আৰম্ভ কৰিছিল ৷ স্বতন্ত্ৰ নাগৰিকসকলে নিজকে সৱল অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল ৷ নাগৰিকসকলে ৰেচন কাৰ্ড, ৰেচন, আয়কৰ ৰিফাণ্ড আৰু অন্যান্য বহু সুবিধা পাবলৈ ধৰিলে ৷ সকলোতকৈ ডাঙৰ কথাটো হ’ল নাগৰিকে জৱাবদিহিতা পাবলৈ ধৰিলে ৷ জৰিমনাৰ সন্মুখীন হোৱাৰ ভয়ে চৰকাৰী সেৱক সকলক তথ্য প্ৰদান কৰাৰ প্ৰতি আৰু সংবেদনশীল কৰি তুলিছিল ৷

সৰল আইনখন প্ৰয়োগ আৰু বাস্তৱায়িত কৰাত সহজ আছিল ৷ কেইবা হাজাৰৰো অধিক আৰ টি আই কৰ্মী আছে যিসকলে কোনো পাৰিশ্ৰমিক অবিহনে আনক প্ৰশিক্ষণ দিয়ে আৰু সহায় কৰে ৷ এনে ধৰণৰ কাৰ্যবোৰেই আৰ টি আইক জনাজাত কৰি তুলে আৰু সমগ্ৰ দেশজুৰি প্ৰয়োগ হ’বলৈ ধৰে ৷ বিগত 15 টা বছৰত সমগ্ৰ দেশতে কেইবা কোটি আৰ টি আই দৰ্খাস্ত দাখিল কৰা হৈছে ৷

যি নহওক, ক্ষমতাক থকা সকলে সদায়ে আৰ টি আইৰ বিৰুদ্ধে বাধা সৃষ্টি কৰি আহিছে ৷ দেখা যায় প্ৰত্যেকেই স্বচ্ছতাৰ বিষয়ে কয় ৷ সকলোৱে আনকহে স্বচ্ছ হোৱাটো বিচাৰে কিন্তু নিজৰ ক্ষেত্ৰত স্বচ্ছতাত ভাগ ল’বলৈ ইচ্ছা প্ৰকাশ নকৰে ৷ দূৰ্নীতি পৰায়ণ সকলে স্বাভাৱিক কাৰণতেই ইয়াক ঘৃণা কৰে আৰু যিসকল সত্য তেওঁলোকক তেওঁলোকৰ সিদ্ধান্ত আৰু কৰ্মৰাজিৰ বিষয়ে প্ৰশ্ন কৰিলে নিজৰ অহংকাৰৰ বাবে অপমান হিচাপে গণ্য কৰে ৷ আৰ টি আইৰ আওতাত যিহেতু প্ৰশাসনৰ সৰহ সংখ্যক ক্ষমতা কেন্দ্ৰ সোমাই পৰাৰ বাবে প্ৰতিৰোধ প্ৰয়োগ কৰা সকলে আৰ টি আইক অন্ধকাৰলৈ ঠেলিব পাৰিছে ৷ ইয়াৰ প্ৰথমটো দূৰ্ভাগ্যজনক আৰু উল্লেখযোগ্য সংকেত আছিল 2011 চনত চি বি এছ ই বনাম আদিত্য বন্দোপাধ্যায়ৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ, “(আৰ টি আই) আইনখন ৰাষ্ট্ৰ নিৰ্মাণ আৰু ঐক্যতা নাইবা ইয়াৰ নাগৰিক সকলৰ মাজত শান্তি, সম্প্ৰিতী আৰু সংহতি ভংগ কৰিব পৰা সজুঁলিলৈ ৰূপান্তৰিত হোৱাত বাধা প্ৰয়োগ কৰিব লাগিব আৰু ইয়াৰ অপব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া নহ’ব ৷ নাইবা নিজৰ দায়িত্ব পালন কৰিবলৈ সদা প্ৰস্তুত সৎ অধিকাৰী সকলক ভিতি প্ৰদৰ্শন তথা তেওঁলোকৰ ওপৰত চাপ সৃষ্টি কৰাৰ সজুঁলিলৈ ৰূপান্তৰিত কৰা অনুচিত ৷” যিসকল অধিকাৰিয়ে এই আইনখনক পালন নকৰিবলৈ যুক্তি দৰ্শাই তেওঁলোকৰ দাৰা এই পৰ্যবেক্ষণক এতিয়ালৈকে কেইবাবাৰো বৰ উল্লাসেৰে উল্লেখ কৰা হৈছে ৷

আনহাতে সৰহ সংখ্যক তথ্য আয়োগ, যিবোৰক চূড়ান্ত আপীল সন্থা হিচাপে সৃষ্টি কৰা হৈছিল, সেইবোৰেও সন্তোষজনকভাৱে কাৰ্য পালন কৰি থকা নাই ৷ আয়োগবোৰত দ্বিতীয় আপীলবোৰ বছৰ বছৰ ধৰি পৰি ৰৈছিল আৰু সেইবোৰ সাধাৰণতে দোষী চৰকাৰী সেৱক সকলক আইনৰ দণ্ডিত বিধানসমূহ প্ৰয়োগ কৰাত খুবেই কৃপণালি কৰিছিল ৷ চৰকাৰ আৰু পি আই অ’সকলে এইটো লক্ষ্য কৰিবলৈ আৰম্ভ কৰি দিছিল যে তেওঁলোক আইনখনৰ বিধানবোৰৰ সৈতে সন্মত নহয় তেনেহলে তেওঁলোকে কোনো ধৰণৰ গুৰুতৰ পৰিণতিৰ সন্মুখিন নহ’ব ৷ আটাইতকৈ বেয়া পৰিস্থিতিত আয়োগেই বিধান নিৰ্ণয় কৰিব পাৰে ৷ যদিও আইনখনে আয়োগৰ বাহিৰত কোনো আপীলৰ অনুমতি প্ৰদান নকৰে, এই সিদ্ধান্তবোৰ আদালতত প্ৰায়ে “মাস্কোৰেডিং ৰিট্‌ছ” হিচাপে প্ৰত্যাহ্বান জনোৱা হয় ৷ এনেকৈয়ে গুৰুত্বপূৰ্ণ আৰু চলিত বিষয়ত নাগৰিকসকলৰ মৌলিক অধিকাৰক অস্বীকাৰ কৰিবলৈ সহজ হৈ পৰে ৷ আৰ টি আই আইনৰ মতে প্ৰধাম মন্ত্ৰী আৰু তিনিজন মন্ত্ৰীৰ যোগেদি পৰিচালিত হোৱা এক ৰাজহুৱা কৰ্তৃপক্ষ হোৱাৰ স্বত্বেও এক লজ্জাজনক ঘটনাত পি এম কেয়াৰছ ফাণ্ডে তেওঁলোকৰ কাৰ্য প্ৰণালীৰ বিষয়ে তথ্য দিবলৈ অস্বীকাৰ কৰিছে ৷ ক’ভিড সম্পৰ্কীয় বহু বিষয় আৰু ক্ৰয়ৰ লগত জৰিত বহু তথ্যৰ যোগান ধৰা হোৱা নাই ৷ আনকি অন্য কিছুমান ঘটনাত বিধায়ক সকলৰ ব্যয়ৰ খতিয়ানত প্ৰতিবন্ধকতা লগোৱা হৈছিল ৷

কেন্দ্ৰীয় তথ্য আয়োগে প্ৰধান ৰাজনৈতিক দলবোৰক ৰাজহুৱা কৰ্তৃপক্ষ হিচাপে ঘোষণা কৰিছে ৷ এই দলসমূহে এই সিদ্ধান্তক কোনো আদালতত প্ৰত্যাহ্বান জনোৱা নাই ৷ কিন্তু এক অহেতুক অহংকাৰৰ বশৱৰ্তি হৈ এই আইনী আদেশক মানিবলৈ অস্বীকাৰ কৰিছে ৷ আয়ুক্তসকলে আৰু পি আই অ’বোৰে আইনখনৰ অৱহেলা আৰু বিভ্ৰান্তিকৰ বাখ্যাৰ দ্বাৰা যথেষ্ট তথ্য প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে ৷

যি নহওঁক নাগৰিকসকলও আইনখন বাস্তৱায়িত কৰিবলৈ তেওঁলোকৰ শক্তি গোটাইছে ৷ তেওঁলোকে আইনখনে দিয়া ক্ষমতাক উপলব্ধি কৰিছে ৷ আনকি ক’ভিড মহামাৰীৰ সময়তো বহু গোটে আৰ টি আইক ভাৰ্ছুৱেল প্লেটফৰ্মবোৰৰ জৰিয়তে প্ৰয়োগ কৰাৰ বিষয়ে আলোচনা কৰি আছে ৷ ভাৰ্ছুৱেল প্লেটফৰ্মৰ জৰিয়তে সকলোবোৰ শুনানিৰ সুনিশ্চিতি দিবলৈ আৰু তথ্য আয়োগক সকলো গোচৰৰ নিষ্পত্তিৰ বাবে সময়সীমা পদ্ধতিৰ জৰিয়তে নিৰ্দেশনা দিবলৈ ব’ম্বে উচ্চ ন্যায়ালয়ত এখন পি আই এল দাখিল কৰা হৈছে ৷ নাগৰিকসকলে খুবেই উৎসাহেৰে ই প্লেটফৰ্মৰ ব্যৱহাৰ কৰিছে আৰু সমগ্ৰ ৰাষ্ট্ৰ জুৰি সংযোগ স্থাপনো কৰা হৈছে ৷ ই হয়তো বিষয়বোৰৰ এক উমৈহতীয়া বিবৰ্তনৰ দিশলৈ লৈ যাব পাৰে তথা নাগৰিকসকলৰ মৌলিক অধিকাৰক আৰু সৱল কৰি তুলিবও পাৰে ৷ তেওঁলোকে এই বিষয়টো উনুকিয়াই দিছে আৰ টি আইৰ উলংঘনে অনুচ্ছেদ 19(1)(এ) ক বাধা প্ৰদান কৰি বাক-স্বাধীনতা আৰু প্ৰকাশৰ অধিকাৰত বাধাৰ সৃষ্টি কৰিব পাৰে ৷ মূখ্য ন্যায়াধীশ এছ এ বোব্‌ডেয়ে বিগত সপ্তাহত কৈছে যে, “আমি ইয়াকো উল্লেখ কৰিব লাগিব যে অতি সম্প্ৰতি বাক স্বাধীনতা হৈছে আটাইতকৈ বেছিকৈ অপব্যৱহাৰ হোৱা স্বাধীনতা ৷” আৰ টি আইয়ে ইয়াৰ পৰা অগ্ৰগতিও কৰিব পাৰে আৰু হয়তো পশ্চাদগমনো কৰিব পাৰে ৷

লগতে পঢ়ক :ৰাজ্য সমূহৰ ক্ষতিপূৰণৰ সহমতি অবিহনে GST কাউন্সিলৰ বৈঠক সমাপ্ত

ABOUT THE AUTHOR

...view details