নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ মহিলাসকলৰ সহায়ৰ বাবে ওলাই আহিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ । এইবাৰ সংঘৰ উদ্যোগত মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ । ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ তথা আৰএছএছৰ তৰফৰ পৰা সদৰী কৰা হৈছে এই তথ্য ।
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই প্ৰকাশ কৰা তথ্য অনুসৰি, সৰ্বভাৰতীয় পৰ্যায়ত মুকলি কৰা হৈছে এটা হেল্পলাইন নম্বৰ । মহিলাসকলৰ বাবে মুকলি কৰা হৈছে 817-817-1234নম্বৰটো । এই নম্বৰত ফোন কৰি মহিলাসকলে যিকোনো ধৰণৰ সহায় লাভ কৰিবলৈ সক্ষম হ'ব ।
উল্লেখ্য যে, কোভিড-১৯ৰ লকডাউনৰ মাজতে সংঘই মুকলি কৰিছে এইটো নম্বৰ । ইয়াৰ দ্বাৰা মহিলাসকলে লকডাউনৰ সময়ত সন্মুখীন হোৱা ঘৰুৱা হিংসা, পাৰিবাৰিক অশান্তি, অত্যাচাৰ আদিৰ পৰা ৰক্ষা কৰিবলৈ সংঘই মুকলি কৰিছে এইটো নম্বৰ । আৰএছএছৰ সৈতে জড়িত অধিবক্তা প্ৰতিমা লাক্ৰাই প্ৰকাশ কৰা অনুসৰি, তেওঁলোকৰ প্ৰথম আৰু প্ৰাথমিক উদ্দেশ্য হৈছে মহিলাসকলক আইনী আৰু স্বাস্থ্যগত সাহাৰ্য প্ৰদান কৰা । আজিৰ সময়ত মহিলা আৰু পুৰুষৰ সম-অধিকাৰ আছে যদিও মহিলাসকলে এইক্ষেত্ৰত অধিক হিংসাৰ সন্মুখীন হোৱাটো বহুটো দুখজনক কথা ।
আৰএছএছে আৰম্ভ কৰা এই হেল্পলাইনৰ দ্বাৰা মহিলা সৱলীকৰণৰ দিশে সংঘই আৰু এখোজ আগবাঢ়িলে বুলি লাক্ৰাই মন্তব্য কৰে ।
লগতে পঢ়কঃক’ভিড-১৯ সন্দৰ্ভত নেডাৰলেণ্ডছৰ সৈতে সহযোগিতা অব্যাহতঃ ভাৰতীয় ৰাষ্ট্ৰদূত বেণু ৰাজামণি