নেশ্যনেল ডেস্ক, ২০ জানুৱাৰী: মহাৰাষ্ট্ৰৰ নাগপুৰৰ পৰিৱৰ্তে এইবাৰ বাংগালুৰুত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ বাৰ্ষিক সন্মিলন অনুষ্ঠিত হ'ব । কৰ্ণাটকৰ দক্ষিণ অভিযান গোটৰ মুৰব্বী প্ৰমুখ ই এছ প্ৰদীপে জনাইছে যে, COVID-১৯ মহামাৰীৰ বাবে বাংগালাৰুত বাৰ্ষিক সন্মিলনখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । অহা ১৯ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে চন্নেনাহালিস্থিত জনসেৱা বিদ্যা কেন্দ্ৰত বাৰ্ষিক সন্মিলন অনুষ্ঠিত হ'ব ।
বাংগালুৰুত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ বাৰ্ষিক সন্মিলন - ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ
চলিত বৰ্ষত বাংগালুৰুত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ বাৰ্ষিক সন্মিলন । অহা ১৯ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে চন্নেনাহালিস্থিত জনসেৱা বিদ্যা কেন্দ্ৰত বাৰ্ষিক সন্মিলন অনুষ্ঠিত হ'ব ।
![বাংগালুৰুত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ বাৰ্ষিক সন্মিলন বাংগালুৰুত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ বাৰ্ষিক সন্মিলন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10311008-553-10311008-1611139216013.jpg)
বাংগালুৰুত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ বাৰ্ষিক সন্মিলন
সন্মিলনত আৰ এছ এছ প্ৰধান মোহন ভগৱট, ভ্যায়াজী যোশী, দট্টৰেয়া হোছাবালে, ড০ মোহন বৈদ্য, ড০ কৃষ্ণ গোপাল, চি আৰ মুকুন্দৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব । দেশৰ ভিন্ন প্ৰান্তৰ ৫০০ গৰাকীৰো অধিক প্ৰতিনিধিয়ে বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব ।