অসম

assam

ETV Bharat / bharat

উত্তৰ-পূৱৰ শিল্পীক সমৰ্থনৰ হেতু ইউটিউব চেনেল মুকলি আৰএছএছৰ - ৰাষ্ট্ৰীয় স্বয়মসেৱক সংঘ

সংস্কাৰ ভাৰতীৰ অখিল ভাৰতীয় বৈঠকৰ জৰিয়তে সংস্থাটোৱে ইউটিউব চেনেল 'অপনা পূৰ্বোত্তৰ'ৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । উত্তৰ-পূৰ্বাঞ্চলৰ শিল্পী আৰু শিল্পীৰ প্ৰচাৰৰ হেতু এটি ইউটিউব চেনেল আৰম্ভ কৰাৰ সিদ্ধান্ত হাতত লৈছে আৰএছএছৰ এই সংস্থাটোৱে ।

উত্তৰ-পূৱৰ শিল্পীক সমৰ্থনৰ হেতু ইউটিউব চেনেল মুকলি আৰএছএছৰ
উত্তৰ-পূৱৰ শিল্পীক সমৰ্থনৰ হেতু ইউটিউব চেনেল মুকলি আৰএছএছৰ

By

Published : Jun 19, 2020, 4:35 PM IST

নেশ্যনেল ডেস্ক, ১৯ জুন : দেশৰ শিল্পীসকলৰ হকে কাম কৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এটা অংশ সংস্কাৰ ভাৰতীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ শিল্পী আৰু শিল্পীৰ প্ৰচাৰৰ হেতু এটি ইউটিউব চেনেল আৰম্ভ কৰাৰ সিদ্ধান্ত হাতত লৈছে ।

উত্তৰ-পূৱৰ শিল্পীক সমৰ্থনৰ হেতু ইউটিউব চেনেল মুকলি আৰএছএছৰ

কোভিড-১৯ৰ সংকটৰ মাজতে শিল্পী সমাজৰ কল্যাণৰ হকে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যিয়ে সকলো বাধা নেওচি শিল্পীসকলৰ মূল শিপাক ধৰি ৰখাত সহায় কৰিব ।

সংস্কাৰ ভাৰতীৰ অখিল ভাৰতীয় বৈঠকৰ জৰিয়তে সংস্থাটোৱে ইউটিউব চেনেল 'অপনা পূৰ্বোত্তৰ' মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু এই চেনেলটো ফেচবুক আৰু অন্য চ'ছিয়েল মিডিয়া পেজৰ জৰিয়তে সকলোকে চিনাকি কৰোৱা হ'ব । এই ইউটিউব চেনেলটো ২১ জুনৰ পৰা আৰম্ভ কৰা হ'ব বুলি সংস্থাটোৱে জানিবলৈ দিয়ে ।

এই চেনেলটোৰ জৰিয়তে চিত্ৰকাৰ আৰু ভাস্কৰ্য নিৰ্মাতাসকলেও নিজৰ প্ৰতিভা দেখুৱাবলৈ সুবিধা পাব আৰু তেওঁলোকৰ প্ৰতিভাসমূহ ইউটিউব চেনেলৰ লাইভৰ দ্বাৰা সকলোৱে চাব পৰাকৈ সুবিধা আগবঢ়োৱা হ'ব ।

লগতে পঢ়ক : দিল্লীত ২০ হাজাৰ লোকৰ কোভিড-১৯ পৰীক্ষা সম্পন্ন

ABOUT THE AUTHOR

...view details