অসম

assam

ETV Bharat / bharat

অন্ত পৰিল চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণঃ 785 কোটি টকা জব্দ

সোমবাৰে চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত দেশৰ 72 খন লোকসভাৰ আসনত অনুষ্ঠিত হৈছিল লোকসভাৰ নিৰ্বাচন ৷ বিহাৰৰ পাঁচখন , জম্মু-কাশ্মীৰৰ এখন ,ঝাৰখণ্ডৰ তিনিখন , মধ্য-প্ৰদেশ আৰু ওড়িশ্যাৰ ছখন ,ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ 13 খন আসনত , পশ্চিম বংগৰ আঠখন আৰু মহাৰাষ্ট্ৰৰ 17 খন আসনত অনুষ্ঠিত হৈছিল চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ ৷

By

Published : Apr 30, 2019, 9:01 AM IST

cash seized during 4th phase polling

নতুন দিল্লী,30 এপ্ৰিল : দেশৰ চতুৰ্থ পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনত 3274 কোটি টকাৰ সামগ্ৰী জব্দ ৷ মুখ্য নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে এই তথ্য ৷

দেশৰ মুখ্য নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে সমগ্ৰ দেশতে 785.26 টকা নগদ ধন ,প্ৰায় 249 কোটি টকাৰ সুৰা , প্ৰায় 972 কোটি টকাৰ সোণ , 1214 কোটি টকাৰ নিচাযুক্ত সামগ্ৰী আৰু প্ৰায় 53 কোটি টকাৰ অন্যান্য সামগ্ৰী জব্দ হয় ৷

সোমবাৰে অনুষ্ঠিত চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত দেশৰ 72 খন লোকসভাৰ আসনত অনুষ্ঠিত হৈছিল লোকসভাৰ নিৰ্বাচন ৷ বিহাৰৰ পাঁচখন , জম্মু-কাশ্মীৰৰ এখন ,ঝাৰখণ্ডৰ তিনিখন , মধ্য-প্ৰদেশ আৰু ওড়িশাৰ ছখন ,ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ 13 খন আসনত , পশ্চিম বংগৰ আঠখন আৰু মহাৰাষ্ট্ৰৰ 17 খন আসনত অনুষ্ঠিত হৈছিল চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ ৷

সাতটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচন 19 মে'ত অন্ত পৰিব ৷ 23মে'ত ঘোষণা হ'ব নিৰ্বাচনৰ ফলাফল ৷

ABOUT THE AUTHOR

...view details