অসম

assam

ETV Bharat / bharat

কেদাৰনাথ ধামৰ উন্নয়নৰ ক্ষেত্ৰত ২০০ কোটি টকাৰ প্ৰয়োজন: মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱট

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অৱগত কৰে যে,কেদাৰনাথ ধামৰ উন্নয়নৰ ক্ষেত্ৰত কমেও ২০০ কোটি টকাৰ প্ৰয়োজন ।

কেদাৰনাথ ধামৰ উন্নয়নৰ ক্ষেত্ৰত ২০০ কোটি টকাৰ প্ৰয়োজন: মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱট
কেদাৰনাথ ধামৰ উন্নয়নৰ ক্ষেত্ৰত ২০০ কোটি টকাৰ প্ৰয়োজন: মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱট

By

Published : Jun 10, 2020, 7:51 PM IST

নেশ্যনেল ডেস্ক, ১০ জুন: কেদাৰনাথ ধামৰ উন্নয়নৰ ক্ষেত্ৰত কমেও ২০০ কোটি টকাৰ আৱশ্যকতা আছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এই সন্দৰ্ভত অৱগত কৰা বুলি বুধবাৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱটে জানিবলৈ দিয়ে । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,কেদাৰনাথ ধাম আৰু বদৰীনাথ মন্দিৰত ভক্তসকলক মাস্ক পৰিধান বাধ্যতামূলক কৰাৰ লগতে সীমিত সংখ্যক ভক্তকহে মন্দিৰৰ ভিতৰলৈ প্ৰৱেশৰ অনুমতি দিয়া হৈছে ।

কেদাৰনাথ ধামৰ উন্নয়নৰ ক্ষেত্ৰত ২০০ কোটি টকাৰ প্ৰয়োজন: মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱট

প্ৰধানমন্ত্ৰী মোডীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ অনুৰোধ ৰক্ষা কৰি আগন্তুক ৩১ ডিচেম্বৰৰ ভিতৰত কেদাৰনাথৰ উন্নয়নৰ কাম সম্পূৰ্ণ হ'ব বুলি আশ্বাস দিয়ে। প্ৰধানমন্ত্ৰী মোডীয়ে ড্ৰোণ ভিডিঅ' কনফাৰেন্সৰ মাধ্যমেৰে কেদাৰনাথৰ বিভিন্নস্থলী পৰ্যবেক্ষণ কৰে বুলি মুখ্যমন্ত্ৰী ৰাৱটে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: পালিত কুমাৰ বৰাক ৰাষ্ট্ৰীয় কৃষি বিপণন পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি

ABOUT THE AUTHOR

...view details