অসম

assam

ETV Bharat / bharat

লক্ ডাউন উলংঘনকাৰীৰ পৰা মুঠ 1,70,250 টকাৰ জৰিমণা সংগ্ৰহ আৰক্ষীৰ - Noida Lock Down

উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনত 10 জুলাই নিশা 10 বজাৰ পৰা 13 জুলাই পুৱা 5 বজালৈ লক ডাউন ঘোষণা কৰিছিল ৷ দেওবাৰৰ দিনটোত মুঠ 24খন এফআইআৰ ৰুজু কৰা হৈছে ৷ 64 গৰাকী লোকক প্ৰতিবন্ধকতাসমূহ উলংঘন কৰাৰ বাবে আটক কৰাৰ লগতে 1904 খন বাহন জব্দ কৰা হৈছে ৷

Rs 1,70,250 were collected in fines at Noida during Lock Down
নয়ডাত লক ডাউন উলংঘনকাৰীৰ পৰা মুঠ 1,70,250 টকাৰ জৰিমণা সংগ্ৰহ আৰক্ষীৰ

By

Published : Jul 13, 2020, 10:26 AM IST

নেশ্যনেল ডেক্স,13 জুলাইঃনয়ডা আৰু গ্ৰেটাৰ নয়ডাত দেওবাৰৰ দিনটোত কোভিড 19ৰ বাবে আৰোপ কৰা প্ৰতিবন্ধকতাসমূহ উলংঘন কৰাৰ বাবে 64 গৰাকী লোকক আটক কৰাৰ লগতে 1,904 খন বাহন জব্দ কৰে আৰক্ষীয়ে ৷ গৌতম বুদ্ধ নগৰ আৰক্ষীয়ে সদৰি কৰিছে এই কথা ৷ উল্লখ্য যে, উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনত 10 জুলাই নিশা 10 বজাৰ পৰা 13 জুলাই পুৱা 5 বজালৈ লক্ ডাউন ঘোষণা কৰিছিল ৷ ‘ক্ৰিমিনেল প্ৰছিডিউৰ কোড’ৰ 144 ধাৰা অনুসৰি গৌতম বুদ্ধ নগৰত চাৰিজনতকৈ অধিক লোকৰ সমাৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ জিলাখানৰ নগৰাঞ্চসমূহ ইতিমধ্যে ৰেড জ’নৰ অন্তৰ্ভূক্ত হৈছে ৷

আৰক্ষীয়ে এক প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি, দেওবাৰৰ দিনটোত মুঠ 24খন এফআইআৰ ৰুজু কৰা হৈছে ৷ 64 গৰাকী লোকক প্ৰতিবন্ধকতাসমূহ উলংঘন কৰাৰ বাবে আটক কৰাৰ লগতে 1904 খন বাহন জব্দ কৰা হৈছে ৷ ইয়াৰ উপৰিও 1,70,250 টকা জৰিমণাৰ পৰা সংগ্ৰহ কৰিছে আৰক্ষীয়ে ৷ নয়ডা-দিল্লী সীমান্ত এতিয়াও ছীল হৈ আছে ৷ কেৱল জৰুৰীকালীন সেৱা, আৰু জিলা প্ৰশাসনৰ অনুমোদিত বাহন তথা লোকেহে সীমা পৰা হ’ব পাৰিব ৷ ইয়াৰ উপৰিও মাস্ক পৰিধান নকৰাকৈ বাহিৰলৈ ওলালে 500 টকা পৰ্যন্ত জৰিমণাৰ কথাও ঘোষণা কৰিছে প্ৰশাসনে ৷

লগতে পঢ়ক-জম্মু কাশ্মীৰত আটক চাৰিটা সন্ত্ৰাসবাদী

ABOUT THE AUTHOR

...view details