অসম

assam

ETV Bharat / bharat

কাশ্মীৰত আয়কৰ বিভাগৰ অভিযান

সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়াৰ অৰ্থে লুকুৱাই থোৱা হৈছিল ধন৷

By

Published : Mar 16, 2019, 10:51 AM IST

etv bharat

নিউজ ডেস্ক, 16 মাৰ্চ : সন্ত্ৰাসবাদক ধন প্ৰদান কৰা তথ্যৰ অনুসন্ধানত জম্মু-কাশ্মীৰত আয়কৰ বিভাগৰ অভিযান৷ অভিযানত জব্দ হয় 1.44 কোটি নগদ ধন সহিতে 2.44 কোটি মূল্যৰ মূল্যবান সম্পদ৷ ৰাজ্যখনৰ পাঁচখনকৈ ঠাইত ধৰা পৰে সন্ত্ৰাসবাদক প্ৰশ্ৰয় প্ৰদানৰ উদ্দেশ্যে লুকুৱাই থোৱা এই ধন৷

আয়কৰ বিভাগৰ অভিযানত কাশ্মীৰ উপত্যকাত 41 কোটি টকা মূল্যৰ বেনামী সম্পত্তিৰ লগতে 17 কোটি মূল্যৰ বিত্তীয় লেন-দেনৰ কথাও পোহৰলৈ আহে৷ সন্ত্ৰাসবাদীৰ ঘাটি উচ্ছেদ কৰিব পৰাকৈ বিভিন্ন তথ্য-পাতি আৰু কম্পিউটাৰ হাৰ্ড ডিস্কো উদ্ধাৰ কৰে আয়কৰ বিভাগে৷

উল্লেখ্য যে, ৰাজ্যখনত সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়াৰ অৰ্থে ধন প্ৰদানৰ অভিযোগত 26 ফেব্ৰুৱাৰীত বিভিন্ন বিচ্ছিন্নতাবাদী নেতাৰ বাসগৃহত অভিযান চলাইছিল নিয়াই৷ যাচিন মালিক, চব্বিৰ শ্বাহ, মিজৱাইজ ওমৰ ফাৰুক,মহম্মদ আছৰফ খান, নচিম গিলানী আদিকে ধৰি বিভিন্নজন বিচ্ছিন্নতাবাদী নেতাৰ বাসগৃহত চলোৱা হৈছিল এই অভিযান। অভিযানত নিয়াৰ হাতত ধৰা পৰিছিল সন্ত্ৰাসবাদ প্ৰলোভন মূলক নথি-পত্ৰ, সম্পত্তিৰ দলিল, ধন লেন-দেনৰ তথ্যকে ধৰি বিভিন্ন আপত্তিকজনক নথি-পত্ৰ । গুৰুত্বপূৰ্ণ ভাৱে এই অভিযানতেই সন্ত্ৰাসবাদী সংগঠনৰ নাম লিখা তথ্য-পাতি আৰু ইলেক্ট্ৰনিক ডিভাইচো জব্দ কৰিবলৈ সক্ষম হৈছিল অনুসন্ধানকাৰী সংস্থাটোৱে। এই অভিযোগৰ ভিত্তিতেই মিৰৱাইজ ওমৰ ফাৰুকলৈ চামনো জাৰী কৰিছিল নিয়াই৷

ABOUT THE AUTHOR

...view details