অসম

assam

ETV Bharat / bharat

ৰাঁচী ৰেলৱে' ষ্টেচনৰ পৰা উদ্ধাৰ 14 কিশোৰী - লাহেটাৰৰ পৰা হায়দৰাবাদ কিশোৰী সৰবৰাহ

শুকুৰবাৰে ৰাঁচী ৰেলৱে' ষ্টেচনৰ পৰা ৰেলৱে' সুৰক্ষা বাহিনীয়ে (RPF) 14 গৰাকীকৈ কিশোৰী উদ্ধাৰ কৰে ৷ লাহেটাৰৰ পৰা হায়দৰাবাদলৈ এই কিশোৰীসকলক সৰবৰাহ কৰা হৈছিল ৷

ৰেলৱে' সুৰক্ষা বাহিনী
ৰাঁচী ৰেলৱে' ষ্টেচনৰ পৰা উদ্ধাৰ 14 কিশোৰী

By

Published : Oct 3, 2020, 7:36 PM IST

নেশ্যনেল ডেস্ক, 3 অক্টোবৰ :শুকুৰবাৰে ৰাঁচী ৰেলৱে' ষ্টেচনৰ পৰা ৰেলৱে' সুৰক্ষা বাহিনীয়ে (RPF) 14 গৰাকীকৈ কিশোৰী উদ্ধাৰ কৰে ৷ লাহেটাৰৰ পৰা হায়দৰাবাদলৈ এই কিশোৰীসকলক সৰবৰাহ কৰা হৈছিল ৷ এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে ৷

ৰাঁচী ষ্টেচনত 14 গৰাকীকৈ কিশোৰী দেখি RPF ৰ দল সষ্টম হৈ পৰে আৰু এগৰাকী কিশোৰীক সেই সম্পৰ্কত প্ৰশ্ন কৰে ৷ কিন্তু কিশোৰীগৰাকীয়ে কোনো উত্তৰ দিব নোৱাৰাত 'নন্হে ফৰিষ্টে' নামৰ এক অভিযানৰ সৈতে জড়িত এগৰাকী সহকাৰী বিষয়াক এই তথ্য প্ৰদান কৰে ৷

ইয়াৰ পাচতে আৰক্ষী অধীক্ষক সুনিতা তিৰ্কিৰ দল আৰু উপ-আৰক্ষী অধীক্ষক ডাবলু খানে কিশোৰী কেইগৰাকীক তেওঁলোকৰ নাম আৰু ঠিকনা সোধে ৷ তেওঁলোকে লাটেহাৰ জিলাৰ পৰা মিনা দেবী নামৰ এগৰাকী মহিলাৰ সৈতে চিলাই প্ৰশিক্ষণৰ বাবে অহা বুলি জানিবলৈ দিয়ে ৷

প্ৰায় 25 বৰ্ষীয় মিনা দেবী চামা নাহাৰী গাঁৱৰ বাসিন্দা ৷ চিলাই প্ৰশিক্ষণ সম্পৰ্কত প্ৰশ্ন কৰাত মিনা দেবীয়ে কোনো প্ৰতিষ্ঠানৰ নাম তথা নথি-পত্ৰ দেখুৱাব নোৱাৰিলে ৷ এই সম্পৰ্কত তেওঁৰ পৰিয়ালৰ সৈতে কথা-বাৰ্তা হোৱাত কোনো তথ্য নাই বুলি জানিবলৈ দিয়ে ৷ ইয়াৰ পাচতে তদন্তৰ বাবে 14 গৰাকী কিশোৰীক আৰক্ষীৰ ওচৰত গতাই দিয়া হয় ৷ মিনাৰ লগতে হায়দৰাবাদলৈ কিয় এই কিশোৰীসকলক নিয়াৰ চেষ্টা কৰা হৈছিল সেই সম্পৰ্কে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :ইটিভি ভাৰতৰ বিশেষ অনুষ্ঠান 'সঁফুৰা'ৰ অতিথি আঙুৰলতা ডেকাৰ সৈতে সাক্ষাৎকাৰ...

ABOUT THE AUTHOR

...view details