অসম

assam

ETV Bharat / bharat

ৰ'জভেলী কেলেংকাৰী : 3 খন ফাৰ্মৰ 70 কোটি সম্পত্তি জব্দ ! - তিনিখন ফাৰ্মৰ বহু কোটি টকা জব্দ ED ৰ

ED য়ে জব্দ কৰিছে তিনিখন ফাৰ্মৰ পৰা 70 কোটি সম্পত্তি ৷ ধন আত্মসাতৰ গোচৰত অভিযুক্ত ৰ'জ ভেলী পুঁজি কেলেংকাৰীৰ সৈতে জড়িত এই তিনিখন ফাৰ্ম ৷

ৰ'জ ভেলী
3 ফাৰ্মৰ 70 কোটি সম্পত্তি জব্দ ED ৰ

By

Published : Feb 3, 2020, 7:34 PM IST

নেশ্যনেল ডেস্ক, 3 ফেব্ৰুৱাৰী : এনফৰ্চমেন্ট ডাইৰেক্টৰেটে (ED) তিনিখন ফাৰ্মৰ পৰা 70 কোটিতকৈও অধিক সম্পত্তি জব্দ কৰিছে ৷ ধন আত্মসাতৰ গোচৰত অভিযুক্ত ৰ'জ ভেলী পুঁজি কেলেংকাৰীৰ সৈতে জড়িত এই তিনিখন ফাৰ্ম ৷ অভিনেতা শ্বাহৰুখ খানৰ দ্বাৰা প্ৰচাৰিত আইপিএলৰ এটা ক্ৰিকেট দলৰ সৈতে ইয়াৰে এটা কোম্পানী জড়িত আছিল ৷

3 ফাৰ্মৰ 70 কোটি সম্পত্তি জব্দ ED ৰ

এক বিবৃতিত প্ৰকাশ পোৱা অনুসৰি, ধন আত্মসাৎ নিবাৰণ আইনৰ (PMLA) অধীনত ৰ'জ ভেলী আৰু ইয়াৰ সৈতে জড়িত সংস্থাৰ পৰা পুঁজি গ্ৰহণ কৰা সংস্থা অথবা ব্যক্তিৰ প্ৰায় 70.11 কোটি টকা মূল্যৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি জব্দ কৰা হৈছে ৷

উল্লেখ্য যে, কলিকতা আৰু ভূৱনেশ্বৰত ৰ'জ ভেলীৰ কেলেংকাৰীৰ সন্দৰ্ভত এনফৰ্চমেন্ট ডাইৰেক্টৰেটে বহুকেইখন চাৰ্জশ্বীট ৰুজু কৰিছে ৷

আৰু পঢ়ক : শ্বেতা হত্যাকাণ্ড : কি ৰায় দিব উচ্চ ন্যায়ালয়ে !

ABOUT THE AUTHOR

...view details