লক্ষ্নৌ,7 জানুৱাৰী:উত্তৰ প্ৰদেশ আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী সংস্থাই সন্ত্ৰাসবাদ ৰোধ কৰাৰ উদ্দেশ্যে আৰম্ভ কৰিছে পাৰপত্ৰ নাইবা পাছপ’ৰ্ট পৰীক্ষাৰ কাম ৷ এই পাৰপত্ৰসমূহৰ ভিতৰত দুগৰাকী ব্যক্তিৰ পৰিচয় ভূৱা প্ৰমাণিত হোৱাত ব্যক্তি দুগৰাকীৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ৷ এই সন্দৰ্ভত বিগত 18 বছৰে ৰাজ্যখনৰ সন্ত কবীৰ নগৰ জিলাত বাস কৰি অহা আজিজুল হক নামৰ এগৰাকী ৰোহিংগীয়া সম্প্ৰদায়ৰ ব্যক্তিক আটক কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে ব্যক্তিগৰাকীক আটক কৰাৰ মূলতে হৈছে জিলাখনত বহুসংখ্যক ৰোহিংগীয়া সম্প্ৰদায়ৰ লোকে অবৈধভাৱে দীৰ্ঘদিনৰ পৰা বাস কৰি আহিছে ৷ এই কথা প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (আইন-শৃংখলা) প্ৰশান্ত কুমাৰে ৷
এই অভিযানৰ সময়ছোৱাত আজিজুলে এই ভুৱা পাৰপত্ৰৰ জৰিয়তে ৰেচন কাৰ্ড, মাৰ্কশ্বীট আৰু এখন প্ৰাথমিক বিদ্যালয়ৰ ট্ৰান্সফাৰ চাৰ্টিফিকেট সংগ্ৰহ কৰা বুলি শীৰ্ষ আৰক্ষী বিষয়া গৰাকীয়ে প্ৰকাশ কৰে ৷
ৰাজ্যখনৰ সন্ত কবীৰ নগৰ জিলাৰ বাসিন্দা বদৰে আলমৰ পুত্ৰ আজিজুল্লাহ নামেৰে বহু তথ্যত নিজৰ পৰিচয় দাঙি ধৰিছিল ৷ তদুপৰি ব্যক্তিগৰাকীৰ পাৰপত্ৰত উল্লেখ থকা অনুসৰি এই যাত্ৰা আছিল চৌদি আৰৱ আৰু বাংলাদেশৰ ৷ 2017 চনত ব্যক্তিগৰাকীয়ে নিজ মাতৃ, ভগ্নী আৰু দুজন ভাতৃক অবৈধ ৰূপত ৰাজ্যখনলৈ আহে আৰু ভুৱা পৰিচয় পত্ৰ তৈয়াৰ কৰি লয় ৷