অসম

assam

ETV Bharat / bharat

ইন্দোৰ বিমানবন্দৰত সহায়কাৰীৰ ৰূপত ৰবট - ইটিভি ভাৰত

যাত্ৰীৰ প্ৰতিটো অসুবিধাৰ প্ৰতি নজৰ ৰাখিব এই ৰবটে

etv bharat

By

Published : Feb 28, 2019, 1:17 PM IST

নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ ইন্দোৰ বিমান বন্দৰত যাত্ৰীৰ সুবিধাৰ বাবে ৰবট ষ্টাফ মোতায়েন । যাত্ৰীৰ প্ৰতিটো অসুবিধাৰ প্ৰতি নজৰ ৰাখিব এই ৰবট ষ্টাফে । লগতে ইন্দোৰ চহৰৰ যিকোনো তথ্যপাতিও সংগ্ৰহ কৰিব পাৰিব বিমান বন্দৰত থকা এই ৰবট ষ্টাফৰ দ্বাৰা ।

indore airport

ইন্দোৰৰ পূৰ্বে চেন্নাই বিমান বন্দৰতো মোতায়েন কৰা হৈছিল ৰবট ষ্টাফ । ইন্দোৰৰ এক্ৰপ'লিচ ইন্সটিটিউটত নিৰ্মাণ কৰা হৈছে এয়াৰপৰ্ট গ্ৰাউণ্ড ষ্টাফ ৰূপী এই ৰবট । প্ৰতিটো ৰবটৰ শৰীৰত সংযোগ কৰা হৈছে আই-পেড। এই আই-পেডৰ দ্বাৰা যাত্ৰীয়ে লাভ কৰিব পাৰিব এয়াৰপৰ্টৰ লগতে ইন্দোৰ চহৰ সম্পৰ্কীয় বিভিন্ন তথ্য । বিমান উত্তৰণ-অৱতৰণৰ সময়সূচী, বিভাগীয়-কৰ্মচাৰীৰ ফোন নম্বৰৰ সৈতে চহৰখনৰ মানচিত্ৰও ৰবট ষ্টাফৰ দ্বাৰা লাভ কৰিব পাৰিব যাত্ৰীয়ে।

ABOUT THE AUTHOR

...view details