নেশ্যনেল ডেস্ক, 3 এপ্ৰিল : কোভিড-19 য়ে বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে বহুকেইখন দেশে এই ৰোগৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে ব্য়ৱহাৰ কৰিছে ৰ'বট ৷ এই বিশেষ ৰ'বটৰ ব্যৱহাৰ সম্পৰ্কত কিছু তথ্য-
ভূপৃষ্ঠতে আল্ট্ৰা ভায়লেট ৰশ্মিৰ জৰিয়তে ভাইৰাছবিধ জ্বলাই পেলোৱাৰ উদ্দেশ্যে -
হাস্পতাল কক্ষৰ ভূমিপৃষ্ঠতে ভাইৰাছ ধংস কৰা উদ্দেশ্যে ৰ'বটে আল্ট্ৰা ভায়লেট ৰশ্মি নিৰ্গত কৰে ৷
5G ৰ জৰিয়তে টেলি মেডিচিনৰ ক্ষেত্ৰত ৰ'বটে সহায় কৰে -
এই ৰ'বটৰ জৰিয়তে হাস্পতালতে বহি চিকিৎসকে অন্য স্থানত থকা ৰোগীৰ ৰোগ নিৰ্ণয় কৰিব পাৰে ৷
ৰবটিক হেল্পিং হেণ্ড -
এই ৰ'বটৰ উদ্ভাৱন কৰিছিল চীনৰ বেইজিং স্থিত জিনহুৱা বিশ্ববিদ্যালয়ত ৷ ইয়াৰ জৰিয়তে ৰ'বটে নিজ হাতেৰে স্কেনিঙৰ জৰিয়তে ৰোগীৰ পৰীক্ষা চলায় ৷ ইয়াৰ পাচত চিকিৎসকে ৰোগীক ৰোগ সম্পৰ্কত বৰ্ণনা কৰোৱাৰ লগতে চিকিৎসা আৰম্ভ কৰে ৷
ভাৰততো ইয়াৰ গৱেষণা চলি আছে -
ভাৰততো এনে ৰবটৰ ব্যৱহাৰ সম্পৰ্কত গৱেষণা চলি আছে ৷ হাস্পতালৰ পৰিস্কাৰ-পৰিচ্ছন্নতা, ৰোগীক চিকি~সা সামগ্ৰী প্ৰদান, খাদ্য যোগান আৰু দেহৰ উষ্ণতা জোখাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৷
ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ স্বামী মান সিং হাস্পতালৰ কৰ্মচাৰীয়ে ৰোগীক চিকিৎসা সামগ্ৰী যোগান আৰু যথাযোগ্য সময়ৰ ব্যৱধানত খাদ্য যোগানৰ বাবে ৰ'বটৰ ব্যৱহাৰ কৰিছে ৷
কেৰালা ব্যৱসায়িক সন্থা আছিমভ ৰ'বটিকছে তিনিচকীয়া এক ৰ'বটৰ জৰিয়তে হাস্পতালৰ আইচ'লেছন ৱাৰ্ডত থকা ৰোগীক নানান নীতি-নিৰ্দেশনা প্ৰদান কৰিছে ৷
আৰু পঢ়ক :
বনাঞ্চলৰ বাসিন্দাৰ বাবে কেৰালাৰ বিশেষ পদক্ষেপ