নিউজ ডেস্ক, ১৩ মে': নিৰ্বাচনী সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট ৱাদ্ৰাই টুইটাৰৰ জৰিয়তে সকলোকে আবেদন জনাই সমালোচনাৰ সন্মুখীন হ'বলগীয়া হ'ল । দেওবাৰে ভোটদান কৰাৰ পাছত টুইটাৰত নিজৰ এখন ফটো আপলোড কৰিছিল ৱাদ্ৰাই । কিন্তু ভুলক্ৰমে ভাৰতীয় পতাকাৰ বিপৰীতে পাৰাগুৱেৰ পতাকা ব্যৱহাৰ কৰাত টুইটাৰ ব্যৱহাৰকাৰীসকলৰ তীব্ৰ বাক্যবাণৰ সন্মুখীন হয় তেওঁ । ভোট প্ৰদান আমাৰ অধিকাৰ আৰু শক্তি, সেয়েহে সকলোৱে এখন সুন্দৰ ভাৰতৰ নিৰ্মাণৰ বাবে ভোটদান কৰা উচিত বুলি টুইটাৰত আহ্বান জনাই পাৰাগুৱেৰ পতাকা এখন ব্যৱহাৰ কৰে তেওঁ ।
পাৰাগুৱেৰ পতাকা ব্যৱহাৰ কৰি সমালোচিত ৰবাৰ্ট ৱাদ্ৰা
দেওবাৰে ভোটদান কৰাৰ পাছত টুইটাৰত নিজৰ এখন ফটো আপলোড কৰিছিল ৱাদ্ৰাই । কিন্তু ভুলক্ৰমে ভাৰতীয় পতাকাৰ বিপৰীতে পাৰাগুৱেৰ পতাকা ব্যৱহাৰ কৰাত টুইটাৰ ব্যৱহাৰকাৰীসকলৰ তীব্ৰ বাক্যবাণৰ সন্মুখীন হয় তেওঁ ।
ৰবাৰ্ট বাড্ৰা আৰু প্ৰিয়ংকা গান্ধী
ইয়াৰ পাছতে তেওঁৰ সমালোচনাত এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে মন্তব্য কৰে যে ২০১৯ চনৰ ১২ মে' ত ৰবাৰ্ট ৱাদ্ৰাই নিজকে পাৰাগুৱেৰ নাগৰিক হিচাপে স্বীকৃতি দিছে । আন এজনে ব্যংগাত্মক সুৰত বিজেপিক ভোটদান কৰিলে নেকি বুলি প্ৰশ্ন কৰে । সকলোকে হাঁহিৰ খোৰাক যোগোৱা এই টুইটটো প্ৰায় চাৰি ঘন্টা ধৰি তেওঁৰ পেজত লাগি থাকে । পাছত ঘটনাৰ উমান পাই তেওঁ পোষ্টটো উঠাই দিয়াৰ উপৰি ভাৰতীয় পতাকা থকা ফেবুকৰ পোষ্ট এটাৰ ফটো আপলোড কৰে ৷