নিউজ ডেস্ক, 22 ফেব্ৰুৱাৰী :অহা 24 ফেব্ৰুৱাৰীত প্ৰথম ভাৰত ভ্ৰমণলৈ আহিবলগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে থাকিব আমেৰিকাৰ 12 জনীয়া এটি উচ্চ প্ৰশাসনিক বিষয়াৰ দল ৷ দলটোৰ ভিতৰত অন্যতম হৈছে, আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা ৰবাৰ্ট অ'ব্ৰেইন, বাণিজ্যিক সচিব উইলবুৰ ৰোছ, ট্ৰাম্পৰ জীয়ৰী আৰু জোঁৱাই ক্ৰমে, ইভাংকা ট্ৰাম্প আৰু জাৰেদ কুছনাৰ ৷ ফেব্ৰুৱাৰীৰ 25 তাৰিখে নিশা 10 বজাত তেওঁৰ বিশেষ বিমানেৰে ভাৰত ত্যাগ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ আমেৰিকাৰ প্ৰশাসনৰ এগৰাকী উচ্চপদস্থ বিষয়াই এই কথা উল্লেখ কৰিছে ৷
দলটোত থাকিবলগীয়া আন 8গৰাকী আমোলা :আমেৰিকাৰ ভাৰতত থকা ৰাষ্ট্ৰদূত কেনেথ জাষ্টাৰ, শক্তি বিভাগৰ সচিব ডান ব্ৰউইলেট্টে, হোৱাইট হাউচ চীফ (তদাৰকী) অৱ ষ্টাফ মিক মুলভানেই, হোৱাইট হাউচৰ জ্যেষ্ঠ উপদেষ্টা ষ্টিফেন মিলাৰ, হোৱাইট হাউচ ছ'চিয়েল মিডিয়া নিৰ্দেশক ডান স্কাভিনো, প্ৰথম নাৰী মেলেনিয়া ট্ৰাম্পৰ চীফ অৱ ষ্টাফ লিণ্ডছে ৰেয়নল্ডছ, হোৱাইট হাউচ উপদেষ্টা ৰবাৰ্ট ব্লেয়াৰ, হোৱাইট হাউচ প্ৰেছ সচিব ষ্টিফেনি গ্ৰীছাম ৷
দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিবলগীয়া ব্যক্তিসকল : আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় বিত্তীয় উন্নয়ন পৰিষদৰ মুখ্য কাৰ্যবাহী আদাম এছ বহলাৰ, ফেডাৰেল কমিউনিকেশ্বন কমিছন চেয়াৰমেন অজিত পাই, নেশ্বনেল ছিকিউৰিটী কাউন্সিলৰ দক্ষিণ আৰু মধ্য এছিয়া বিভাগৰ জ্যেষ্ঠ নিৰ্দেশক লিছা কুৰ্টিছ আৰু নেশ্বনেল ছিকিউৰিটী কাউন্সিলৰ জ্যেষ্ঠ বিষয়া কছ পেটেল ৷