অসম

assam

ETV Bharat / bharat

অন্ধ্ৰ প্ৰদেশত পথ দুৰ্ঘটনাত নিহত 8 - ETV BHARAT

অন্ধ্ৰ প্ৰদেশত পৃথক পৃথক পথ দুৰ্ঘটনাত নিহত 8

অন্ধ্ৰ প্ৰদেশত পথ দুৰ্ঘটনাত নিহত আঠ

By

Published : Jun 7, 2019, 12:08 PM IST

অন্ধ্ৰপ্ৰদেশ,7 জুন: অন্ধ্ৰপ্ৰদেশত শুকুৰবাৰে সংঘটিত হয় পৃথক পৃথক দুটাকৈ ভয়াৱহ পথ দুৰ্ঘটনা ৷ চিত্তোৰৰ পোটালাপাট্টুত এখন গাড়ী আৰু ট্ৰাকৰ মাজত সংঘটিত হোৱা দুৰ্ঘটনাত 5 জনকৈ লোক নিহত হোৱাৰ লগতে আহত হয় 5 জন ৷ তিৰুমালা অভিমুখী গাড়ী খনত বিপৰীত দিশৰ পৰা আহি থকা ট্ৰাক এখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মৰাত সংঘটিত হয় এই দুৰ্ঘটনা৷ ঘটনাস্থলীত থিতাতে নিহত হয় 5 জন লোকৰ ৷ ঘটনাৰ খবৰ পোৱা মাত্ৰেই দুৰ্ঘটনাস্থলীলৈ আৰক্ষী ৰাওনা হৈ আহত সকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰে ৷ নিহত সকল অন্ধ্ৰপ্ৰদেশৰ গুন্টুৰৰ ৰুদ্ৰভাৰমৰ বাসিন্দা আছিল ৷ আনফালে গুন্টুৰৰ কাজাত সংঘটিত হোৱা আন এটা দুৰ্ঘটনাত নিহত হয় 3 জন লোক ৷

ABOUT THE AUTHOR

...view details