অসম

assam

By

Published : Jan 29, 2020, 10:57 AM IST

ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ নাচিকত দুৰ্ঘটনা, নিহত 25

নাচিকত পথ দুৰ্ঘটনা ৷ থিতাতে নিহত 25 গৰাকী যাত্ৰী ৷ যাত্ৰীবাহী বাছ আৰু অট' ৰিক্সাৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত দুৰ্ঘটনাত দ' কুৱাত সোমাই পৰে যাত্ৰীবাহী বাছখন ৷

মহাৰাষ্ট্ৰ
মহাৰাষ্ট্ৰৰ নাচিকত দুৰ্ঘটনা, নিহত 25

নিউজ ডেস্ক, 29 জানুৱাৰীঃ মহাৰাষ্ট্ৰৰ নাচিকত ভয়ংকৰ দুৰ্ঘটনা ৷ নিহত 25 জনকৈ লোক ৷ তোৰোপৰি গুৰুতৰভাৱে আহত হয় 35 গৰাকী লোক ৷ উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ মালেগাঁও-দওলা মেচীফাতাত মঙলবাৰে সন্ধিয়া সংঘটিত হয় দুৰ্ঘটনাটো ৷ এখন যাত্ৰীবাহী বাছ আৰু অট' ৰিক্সাৰ মুখামুখি সংঘৰ্ষৰ ফলতেই দ' কুৱাত সোমাই পৰে যাত্ৰীবাহী বাছখন ৷ যাৰ ফলত শিশুসহ নিহত হয় 25 জনকৈ যাত্ৰী ৷ আনহাতে সংকটজনক অৱস্থাত বৰ্তমানেও চিকিৎসাধীন হৈ আছে বহু কেইগৰাকী যাত্ৰী ৷

মহাৰাষ্ট্ৰৰ নাচিকত দুৰ্ঘটনা, নিহত 25


দুৰ্ঘটনা সন্দৰ্ভত মহাৰাষ্ট্ৰ পৰিৱহন মন্ত্ৰী অনিল পৰৱে শোক প্ৰকাশ কৰাৰ লগতে নিহত ব্যক্তিৰ পৰিয়াললৈ আগবঢ়াইছে 10 লাখ টকা ৷ তাৰোপৰি আহতসকলক সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

আৰু পঢ়কঃ গুৱাহাটীত অনুষ্ঠিত হ'ব লগা "ফিল্ম ফেয়াৰ"ক লৈ ক্ষোভ বুদ্ধিজীৱী,কলা-কৌশলীৰ

ABOUT THE AUTHOR

...view details