চিকিৎসালয়তে প্ৰতিৰক্ষা মন্ত্ৰীয়ে সাক্ষাৎ কৰিলে অভিনন্দন বৰ্থমানক - Defense minister
শাৰিৰীক-মানসিক বিভিন্ন দিশৰ লগতে বায়ু সেনা বিষয়াগৰাকীৰ সমগ্ৰ শৰীৰতে বহুকেইটা পৰীক্ষণ সম্পন্ন কৰিব ভাৰতীয় বায়ুসেনাৰ অভিজ্ঞ চিকিসকৰ দলে ।
নিউজ ডেস্ক, ২ মাৰ্চঃ পাকিস্তানৰ হাতত বন্দী হোৱা ভাৰতীয় বায়ুসেনাৰ অভিজ্ঞ যুঁজাৰু বৈমানিক অভিনন্দন বৰ্থমানক সাক্ষাৎ কৰিলে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে । প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীমাৰমণে নতুন দিল্লীৰ এক সেনা চিকিৎসালয়ত সাক্ষাৎ কৰে বায়ু সেনাৰ উইং কামাণ্ডাৰগৰাকীক ।
পাকিস্তানৰ হাতত বন্দী হোৱাৰ পাচটো বায়ু সেনাৰ পাইলটগৰাকীয়ে পাকিস্তান সেনাক প্ৰদান কৰা নাছিল কোনোধৰণৰ তথ্য । পৰৱৰ্তী সময়ত পাকিস্তান সেনাৰ দ্বাৰা বায়ু সেনা বিষয়াগৰাকীৰ সোধ-পোচৰ দৃশ্যাংশ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল । সমগ্ৰ দেশেই ভাৰতীয় বায়ুসেনাৰ অভিজ্ঞ বিষয়া তথা উইং কামাণ্ডাৰগৰাকীৰ মুক্তিৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে শুক্ৰবাৰে নিশা পাকিস্তানে মুকলি কৰি দিছিল অভিনন্দন বৰ্থমানক ।