নেশ্যনেল ডেস্ক, 28 মাৰ্চ : শনিবাৰে ভাৰতীয় ৰেল বিভাগে জানিবলৈ দিয়া অনুসৰি, কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ বাবে আইচ'লেছন ৱাৰ্ডৰ দৰে ৰেলৰ দবা নিৰ্মাণৰ আৰ্হি তৈয়াৰ কৰি উলিয়াইছে ৷
প্ৰতি সপ্তাহত 10 টাকৈ দবা ভাৰতীয় ৰেলৱে' সংমণ্ডলে প্ৰস্তুত কৰি উলিয়াব ৷
ইয়াৰ পাচত যি অঞ্চলত ইয়াৰ প্ৰয়োজন হ'ব সেই অঞ্চলত এনে ৰেলৰ দবা প্ৰদান কৰা হ'ব - এই মন্তব্য উত্তৰ ৰেলৱে'ৰ মুখপাত্ৰ দিপক কুমাৰৰ ৷
এটা দবাত 10 টাকৈ আইচ'লেছন ৱাৰ্ড থাকিব বুলি জনোৱা হৈছে ৷
ইয়াৰোপৰি, প্ৰতিটো কৰ্পাৰ্টমেন্টত 220 ভল্টৰ বৈদুত্যিক সা-সৰঞ্জাম প্ৰদান কৰা হৈছে ৷