অসম

assam

ETV Bharat / bharat

বিহাৰ নিৰ্বাচন: আৰজেডি দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ - সমাগত বিহাৰৰ নিৰ্বাচন

ৰাষ্ট্ৰীয় জনতা দল চমুকৈ আৰজেডিয়ে শনিবাৰে প্ৰকাশ কৰে নিৰ্বাচনী ইস্তাহাৰ ৷ দলটোৰ নেতা তেজস্বী যাদৱ, মহাজোঁটবন্ধনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী উপস্থিত থাকে এই ইস্তাহাৰ মুকলি অনুষ্ঠানত ৷

RJD releases Bihar poll manifesto etv bharat news
নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

By

Published : Oct 24, 2020, 2:11 PM IST

নেশ্যনেল ডেস্ক, 24 অক্টোবৰ:সমাগত বিহাৰৰ নিৰ্বাচন ৷ এই নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰীয় জনতা দল চমুকৈ আৰজেডিয়ে প্ৰকাশ কৰিছে নিৰ্বাচনী ইস্তাহাৰ ৷ নিৰ্বাচনক লক্ষ্য কৰ দলটোৱে নিৱনুৱা সমস্যাক মুখ্য সমস্যা ৰূপে স্বীকৃতি দি ইয়াৰ সমাধানৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইস্তাহাৰখনত প্ৰকাশ কৰে ৷ দলটোৰ নেতা তেজস্বী যাদৱ, মহাজোঁটবন্ধনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী উপস্থিত থাকে এই ইস্তাহাৰ মুকলি অনুষ্ঠানত ৷

ইস্তাহাৰখনৰ জৰিয়তে দলটোৱে প্ৰায় 10 লাখ চাকৰি মুকলিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ তদুপৰি কৃষি ঋণ ৰেহাই, শিক্ষাৰ ক্ষেত্ৰত বাজেটত 22 শতাংশ ধনৰ এক সুকীয়া শিতান আৰু নিৱনুৱাক 1,500 টকাৰ ভাট্টা প্ৰদানৰ বিষয়ে উল্লেখ কৰা হৈছে ৷

এই ইস্তাহাৰৰ মুখ্য লক্ষ্য আৰু উদ্দেশ্য হৈছে -

  • আৰজেডিয়ে 17 টা বিষয়ক মুখ্য বিষয় হিচাপে চিহ্নিত কৰিছে ৷
  • নিৱনুৱা সমস্যা সমাধান ইস্তাহাৰৰ মুখ্য লক্ষ্য ৷
  • প্ৰথমখন কেবিনেট বৈঠকত 10 লাখ চৰকাৰী চাকৰি মুকলিৰ সিদ্ধান্ত গ্ৰহণ ৷
  • সম কামৰ বাবে সম মজুৰি ৷
  • ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰিৰ নিয়মীয়াকৰণ ৷
  • সমূহীয়া প্ৰচেষ্টাৰে ব্যক্তিগতকৰণৰ বিৰোধিতা ৷
  • জলসিঞ্চন ব্য়ৱস্থাত সৌৰশক্তিৰ প্ৰয়োগ ৷
  • বিহাৰত ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন ৷
  • প্ৰতিটো বিভাগৰে সুকীয়া ষ্টেডিয়াম স্থাপন ৷
  • চৰকাৰী কৰ্মচাৰীৰ বাবে অৱসৰৰ প্ৰাকমুহুৰ্তত পেঞ্চনৰ ব্যৱস্থা ৷
  • টডি উদ্যোগক বাণিজ্যিকৰণ ৷
  • বিশেষ অৰ্থনৈতিক জ’ন স্থাপনৰ সিদ্ধান্ত ৷
  • বিদ্যুত মাচুল হ্ৰাস ৷
  • কৃষি ঋণ ৰেহাই ৷

ইয়াৰ পূৰ্বে 17 অক্টোবৰত, আৰজেডি-ৰ নেতৃবৰ্গই বিহাৰ নিৰ্বাচনৰ বাবে মহাজোঁটবন্ধনৰ ইস্তাহাৰ পত্ৰ প্ৰকাশ কৰে ৷ মহাজোঁটবন্ধনৰ ইস্তাহাৰ অনুসৰি, প্ৰথমখন কেবিনেটতে 10 লাখ নৱ প্ৰজন্মক চাকৰি দিয়াৰ কথা প্ৰকাশ কৰিছে ৷ চৰকাৰী পদৰ বাছনি পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীসকলৰ সমস্ত ব্যয় চৰকাৰে বহন কৰিব ৷ তিনিখনকৈ কৃষি বিৰোধী আইনত প্ৰতিবন্ধকতা আৰোপ কৰাৰ অৰ্থে বিহাৰৰ প্ৰথম বিধানসভা অধিৱেশনতে সুকীয়াকৈ এখন বিল উত্থাপন কৰা হ’ব ৷

ৰাজ্যৰ দৰিদ্ৰ জন সাধাৰণক সহায়ৰ উদ্দেশ্যে শ্ৰম কেন্দ্ৰ স্থাপন কৰা হ’ব ৷ শিক্ষাক্ষেত্ৰৰ প্ৰসাৰৰ উদ্দেশ্যে ৰাজ্যৰ বাজেটৰ 12 শতাংশ ধন ব্যয় কৰা হ’ব ৷ প্ৰাথমিক বিদ্যালয়সমূহত প্ৰত্যেক 30 গৰাকী ছাত্ৰৰ বিপৰীতে এগৰাকী শিক্ষক আৰু মাধ্যমিক বিদ্যালয়সমূহত 35 গৰাকী ছাত্ৰ বিপৰীতে এগৰাকী শিক্ষকৰ ব্যৱস্থা কৰা হ’ব ৷ প্ৰতিখন বিদ্যালয়ৰ বাবে কলা, কম্পিউটাৰ আৰু ক্ৰীড়া শিক্ষকক নিযুক্তি কৰা হ’ব ৷ ইস্তাহাৰত "স্মাৰ্ট গ্ৰাম্য যোজনা" আঁচনিৰ অধীনত প্ৰতিখন পঞ্চায়তত চিকিৎসক, নাৰ্চৰ নিযুক্তিৰ লগতে একোখন ক্লিনিক স্থাপন কৰা হ’ব ৷

এই মহাজোঁটবন্ধনত কংগ্ৰেছ, চিপিআই, চিপিএম, ৰাষ্ট্ৰীয় জনতা দল(আৰজেডি) আদি অন্তৰ্ভূক্ত হৈ আছে ৷ ইফালে, এনডিএ মহাজোঁটবন্ধনৰ লোক জনশক্তি পাৰ্টীয়ে বিজেপিয়ে নিৰ্বাচনী প্ৰাৰ্থী প্ৰক্ষেপ কৰা আসনত প্ৰতিদ্বন্দিতা নকৰে ৷ ইয়াৰ বিপৰীতে, জনতা দলৰ বিপৰীতে প্ৰতিদ্বন্দিতা কৰিব দলটোৱে ৷

উল্লেখ্য যে, 243 খন আসনৰ বাবে অনুষ্ঠিত হ’বলগীয়া বিহাৰ বিধানসভাৰ নিৰ্বাচন তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব ৷ সেই অনুসৰি, 28 অক্টোবৰত প্ৰথম পৰ্যায়, 3 নৱেম্বৰত দ্বিতীয় পৰ্যায় আৰু 7 নৱেম্বৰত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ এই নিৰ্বাচনৰ ফলাফল 10 নৱেম্বৰত ঘোষণা কৰা হ’ব ৷

লগতে চাওকঃভুৱা টিআৰপি কেলেংকাৰী সন্দৰ্ভত আৰু এজনক আটক

ABOUT THE AUTHOR

...view details