নিউজ ডেস্ক, ৭ জুলাই :ভাৰতীয় নিৰ্বাচন আয়োগে বিহাৰৰ বিধানসভা নিৰ্বাচনত ৬৫ বছৰৰ উৰ্ধৰ ব্যক্তিক ডাকযোগে ভোট প্ৰদানৰ অনুমতি প্ৰদান কৰা নিৰ্দেশক বিৰোধিতা কৰিছে ভাৰতীয় জনতা দল, চি পি আই, চি পি আই এম আৰু টি এম চি দলে । দলটিৰ নেতা মনোজ কুমাৰ ঝাই এক পত্ৰযোগে নিৰ্বাচনী আয়োগক উক্ত নিৰ্দেশ উঠাই লব'লৈ অনুৰোধ জনাইছে । লগতে নেতা গৰাকীয়ে নিৰ্বাচন আয়োগে এই সিদ্ধান্ত লোৱাৰ আগত ৰাজ্যখনৰ ৰাজনৈতিক দল সমূহৰ লগত আলোচনা কৰাৰ প্ৰয়োজন আছিল বুলিও উল্লেখ কৰে ।
৬৫ উৰ্ধৰ ব্যক্তিক পোষ্টেল বেলটৰ অনুমতিক অস্বীকাৰ বিহাৰৰ ৰাজনৈতিক দলৰ
ভাৰতীয় নিৰ্বাচনী আয়োগে বিহাৰৰ বিধানসভা নিৰ্বাচনত ৬৫ বছৰৰ উৰ্ধৰ ব্যক্তিক ডাকযোগে ভোট প্ৰদানৰ অনুমতি প্ৰদান কৰা নিৰ্দেশক বিৰোধিতা কৰিছে ভাৰতীয় জনতা দল, চি পি আই, চি পি আই এম আৰু টি এম চি দলে । দলটোৰ নেতা মনোজ কুমাৰ ঝাই এক পত্ৰযোগে নিৰ্বাচনী আয়োগক উক্ত নিৰ্দেশ উঠাই লব'লৈ অনুৰোধ জনাইছে ।
rjd-joins-parties-opposing-ecs-decision-of-postal-voting
সোমবাৰে বিহাৰৰ কংগ্ৰেছ দল, চি পি আই এম, টি এম চি দলে এক পত্ৰৰ যোগেদি তেওঁলোকৰ বিৰোধ প্ৰদৰ্শন কৰি উক্ত বিষয় সন্দৰ্ভত যুক্তি প্ৰদৰ্শন কৰি জনাই যে, নিৰ্বাচনী আয়োগৰ এই সিদ্ধান্ত বিহাৰৰ গণতন্ত্ৰৰ পৰিপন্থী । লগতে পত্ৰখনত আয়োগৰ সিদ্ধান্ত সলনি কৰিবলৈ অনুৰোধ জনাইছে । যদিহে আয়োগে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় তেতিয়াহলে নিশ্চিতভাবে স্বতন্ত্ৰ আৰু নিৰপেক্ষ নিৰ্বাচনত প্ৰভাব পেলাব বুলি উল্লেখ কৰে । গতিকে আয়োগক এই একপক্ষীয় সিদ্ধান্ত সলনি কৰিবলৈ অনুৰোধ জনাইছে ।