ভাৰতবৰ্ষৰ জনসংখ্যাৰ অধিকাংশই বায়ুত থকা কণিকা তত্ব বা বস্তুকণা প্ৰদূষকৰ দ্বাৰা প্ৰভাৱিত হয় । এই প্ৰদূষকৰ মাত্ৰা বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা নিৰ্ধাৰিত সীমাতকৈ প্ৰায় ছয়-সাত গুণ বেছি । এই প্ৰদূষক দুটা উৎসৰ পৰা নিৰ্গত হয়-ঘৰত ব্যৱহৃত গোটা ইন্ধনৰ ফলত ঘৰুৱা কণিকা প্ৰদূষক আৰু বাহ্যিক কণিকা প্ৰদূষক যি গোটা আৰু জুলীয়া দুয়োবিধ পদাৰ্থৰ দ্বাৰাই মিশ্ৰিত । দ্বিতীয় প্ৰকাৰৰ প্ৰদূষকটো ধূলি-বালি বা উদ্যোগ, নিৰ্মাণস্থলী, যান-বাহন, কয়লাৰ দ্বাৰা পৰিচালিত শক্তি কেন্দ্ৰ, বায়’মাছৰ জ্বলন, কৃষিকাৰ্যৰ আৱৰ্জনা আদিৰ পৰা নিৰ্গত হয় । কণিকা তত্ব বা বস্তুকণাক আকৃতি বা ডায়েমিটাৰ অনুসৰি দুই ভাগত বিভক্ত কৰা হৈছে পি এম ২.৫ আৰু পি এম ১০ । আকাৰ হিচাপত ২.৫ মাইক্ৰ’নৰ তলত আৰু ১০ মাইক্ৰ’নৰ তলত থকা কণিকা পদাৰ্থবোৰকে পি এম ২.৫ আৰু পি এম ১০ নামেৰে ক্ৰমে চিনাক্ত কৰা হৈছে ।
এনেধৰণৰ কণিকা প্ৰদূষকৰ ভাণ্ডাৰ হিচাপে ভাৰতৰ স্থান আগত আছে । সৰ্বাধিক পি এম ২.৫ নিৰ্গতকাৰী হিচাপে ভাৰতৰ স্থান তৃতীয় । ২০১৮ চনত ভাৰতৰ বছৰি গড়ে পি এম ২.৫ৰ নিৰ্গতকৰণৰ হাৰ আছিল প্ৰতি কিউবিক মিটাৰ বায়ুত ৭২.৫ মইক্ৰ’গ্ৰাম বা 72.5 μg/m³ । এই হাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা স্বীকৃত স্বাভাৱিক গড় হাৰ তথা প্ৰতি কিউবিক মিটাৰত ১০ মাইক্ৰ’গ্ৰামতকৈ বহুত বেছি । বাংলাদেশে এইক্ষেত্ৰত 97.1μg/m³-ৰে প্ৰথম আৰু পাকিস্তানে 74.3μg/m³-ৰে দ্বিতীয় স্থান দখল কৰিছে ।
বায়ুৰ গুণাগুণৰ সূচকাংক অনুসৰি 55.5-150.4μg/m³ ৰ ভিতৰত পি এম থাকিলে সেয়া অস্বাস্থ্যকৰ হিচাপে ধৰা হয় । কিয়নো এনেধৰণৰ অঞ্চলত বাস কৰা লোকসকল হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ গুৰুতৰ সমস্যাত ভোগাৰ সম্ভাৱনা অধিক । এই সূচকাংকৰ ফালৰ পৰা পি এম ২.৫ ৰ ক্ষেত্ৰত 72μg/m to 135μg/m থকা ভাৰতৰ অধিকাংশ অংশই অস্বাস্থ্যকৰ জ’ন।
প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগসমূহক নিয়্ন্ত্ৰণ কৰিব পৰা কঠোৰ নিয়ম বা পৰ্যবেক্ষণ কৰি থাকিব পৰা ব্যৱস্থাৰ অভাৱ, পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পৰাকৈ সংশ্লিষ্ট কৰ্তৃপক্ষ বা প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ চিন্তা বা কৌশলৰ অভাৱ আদিয়েই হৈছে দেশত বায়ু প্ৰদূষণ বৃদ্ধিৰ মূল কাৰণ । ভাৰতত বিষাক্ত বায়ুত থকা কণিকা প্ৰদূষকে এনে এক ভয়াৱহ পৰ্যায় লাভ কৰিছে য’ৰ পৰা আৰু উভতি অহা সম্ভৱ নহয় ।
এইক্ষেত্ৰত কিছু অপ্ৰিয় সত্য আলোচনা কৰিব লাগিব । ২০১৮ চনত ভাৰতৰ ২৫খন মহানগৰেই পৃথিৱীৰ ৫০খন আটাইতকৈ প্ৰদূষিত চহৰ বা মহানগৰৰ তালিকাত স্থান লাভ কৰিছিল । ইয়াৰে বছৰি গড়ে 135μg/m³ পি এম ২.৫ৰে ( স্বাভাৱিক অৱস্থাকৈ ২০ গুণ বেছি) গুৰুগ্ৰাম আৰু গাজিয়াবাদৰ স্থান আছিল প্ৰথম আৰু দ্বিতীয় । সদায় সংবাদ শিৰোনামাত থকা দিল্লীয়ে বছৰি গড়ে 113.5μg/m³ হাৰত ১১ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হয় । অস্বাস্থ্যকৰ জনত অন্তৰ্ভুক্ত এই আটাইকেইখন চহৰেই আকৌ বছৰটোত অতিকৈ অস্বাস্থ্যকৰ পৰ্যায়তো উপনীত হৈছে । নিশ্চিতভাৱে এনেধৰণৰ বায়ু প্ৰদূষকৰ ভয়াৱহ উপস্থিতিয়ে মানুহৰ স্বাস্থ্যৰ প্ৰতি ভয়ংকৰ বিপদ মাতি আনিব পাৰে ।
ইনষ্টিটিউট ফৰ্ হেলথ্ মেট্ৰিকছ্ এণ্ড ইভেলুৱেশ্বনে হেল্থ এফেক্টছ্ ইনষ্টিটিউটৰ সহযোগত ‘বিশ্বৰ বায়ুৰ অৱস্থা’ নামেৰে প্ৰকাশ কৰা এক বিশেষ প্ৰতিবেদনৰ মতে ২০১৭ চনত বিশ্বজুৰি মৃত্যু আৰু অক্ষমতাৰ প্ৰধান পাঁটটা কাৰণৰ ভিতৰত বায়ু প্ৰদূষণ অন্তৰ্ভুক্ত হৈছে । পুষ্টিহীনতা, মদ্যপান, শাৰীৰিক পৰিশ্ৰমহীনতাৰ দৰে সততে শুনা কাৰণবোৰতকৈ বায়ু প্ৰদূষণৰ ফলত অধিক লোকৰ মৃত্যু ঘটিছে । পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ বা মেলেৰিয়াতকৈ বায়ু প্ৰদূষণজনিত ৰোগত আক্ৰান্ত হৈ প্ৰতি বছৰে বিশ্বত অধিক লোকৰ মৃত্যু হয় । পি এম ২.৫-এ হাওঁফাওঁৰ গভীৰতাত প্ৰৱেশ কৰে, এলভেৱ’লাৰ ৱালৰ ক্ষতি কৰাৰ লগতে পাছলৈ সমগ্ৰ হাওঁফাওঁৰ কাৰ্য প্ৰণালীতে বাধাৰ সৃষ্টি কৰে । আল্ট্ৰা ফাইন পাৰ্টিকলছেও ইয়াৰ আকাৰৰ জৰিয়তে পালমনাৰি এপিথেলমিয়াম আৰু ৰক্তৰ বাধা অতিক্ৰম কৰাত সহায় কৰে । সেয়ে উশাহত পি এম ২.৫ গ্ৰহণ কৰাটো হৃদযন্ত্ৰৰ ৰোগ, শ্বাস-প্ৰশ্বাসজনিত গুৰুতৰ সমস্যা, হাওঁফাওঁৰ সংক্ৰমণ বা কৰ্কটৰ কাৰণ হব পাৰে । প্ৰতিবেদন অনুসৰি ২০১৭ চনত বায়ু প্ৰদূষণে বিশ্বজুৰি মানুহৰ মৃত্যুৰ মূল কাৰণসমূহৰ ভিতৰত পাঁচ নম্বৰ স্থান দখল কৰিছে আৰু ৪.৯ মিলিয়ন লোকৰ মৃত্যু আৰু ১৪৭ লোকৰ সুস্বাস্থ্য হানি হোৱাৰ মুখ্য কাৰণ ।
বিশ্ব স্বাস্থ্য সংস্থাই ঘৰুৱা আৰু পাৰিপাৰ্শ্বিক দুই ধৰণৰেই বায়ু প্ৰদূষণক বহু সংস্পৰ্শহীন ৰোগৰ কাৰক হিচাপে গণ্য কৰিছে । যেনে হৃদৰোগত ২৪ শতাংশ প্ৰাপ্তবয়স্কৰ মৃত্যু, ২৫ শতাংশৰ ষ্ট্ৰোক, ৪৩ শতাংশৰ ক্ৰনিক অৱষ্ট্ৰাকটিভ পুলমনাৰী ৰোগ আৰু ২৯ শতাংশ হাওঁফাওঁৰ ৰোগৰ ক্ষেত্ৰত স্বাস্থ্য সংস্থাই বায়ু পু্ৰদূষণকে চিনাক্ত কৰিছে ।