অসম

assam

ETV Bharat / bharat

ব্ৰক্ষ্মপুত্ৰ অধ্য়য়নঃ কিৰণ ৰিজিজুয়ে শুভাৰম্ভ কৰিলে ৰিভাৰ ৰাফটিঙ কাৰ্যসূচী - ITBP

কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্য়াণ বিভাগৰ ৰাজ্য়িক মন্ত্ৰী কিৰেণ ৰিজিজুয়ে অৰুণাচল প্ৰদেশত বুধবাৰে শুভাৰম্ভ কৰে " ব্ৰক্ষ্মপুত্ৰ আমন্ত্ৰণ অভিযান"ৰ । ITBP য়ে প্ৰকাশ কৰা বিজ্ঞপ্তি অনুসৰি আন কেইবাটাও মন্ত্ৰণালয়, বিভিন্ন বিভাগ,কেন্দ্ৰীয় সংস্থা,ৰাজ্য়খনৰ লগতে অসম চৰকাৰ,কাৰিকৰী প্ৰতিস্থান আৰু NDRF ৰ সহযোগত জল শক্তি মন্ত্ৰণালয়ৰ অন্তৰ্গত ব্ৰক্ষ্মপুত্ৰ বৰ্ডে আয়োজন কৰে এই কাৰ্যসূচী ।

ব্ৰক্ষ্মপুত্ৰ অধ্য়য়নৰ উদ্দেশ্য়ে ৰিজিজুয়ে শুভাৰম্ভ কৰে  ৰিভাৰ ৰাফটিঙ কাৰ্যসূচীৰ
ব্ৰক্ষ্মপুত্ৰ অধ্য়য়নৰ উদ্দেশ্য়ে ৰিজিজুয়ে শুভাৰম্ভ কৰে ৰিভাৰ ৰাফটিঙ কাৰ্যসূচীৰ

By

Published : Dec 24, 2020, 12:56 PM IST

নেশ্য়নেল ডেস্ক , ২৪ ডিচেম্বৰ :নদীৰ পানীৰ গুণাগুণ,নদীৰ পলস,নদী উপত্য়কাৰ গৰাখহনীয়া আৰু মৎস্য় পালনৰ পদ্ধতিৰ সৈতে জড়িত তথ্য় আৰু নমুনা সংগ্ৰহ কৰা লক্ষ্য় আগত ৰাখি বুধবাৰে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্য়াণ বিভাগৰ ৰাজ্য়িক মন্ত্ৰী কিৰেণ ৰিজিজুয়ে অৰুণাচল প্ৰদেশৰ উজনি চিয়াঙৰ গেলিঙৰ পৰা হাতশিঙিমাৰীলৈ "ব্ৰক্ষ্মপুত্ৰ আমন্ত্ৰণ অভিযান" শীৰ্ষক এক ৰিভাৰ ৰাফটিঙ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।

এয়া এক জনসাধাৰণৰ প্ৰচাৰৰ বাবে কৰা অনুস্থান যাৰ উদ্দেশ্য় বিশেষ ধৰণে যুৱ আৰু ছাত্ৰসমাজৰ মাজতৰিভাৰ ৰাফটিঙৰ জৰিয়তে নদীৰ সৈতে থকা ধাৰণা জনপ্ৰিয় কৰা ।

ITBP য়ে প্ৰকাশ কৰা এক বিজ্ঞপ্তি মতে এই অভিযানৰ জৰিয়তে বিভিন্ন অনুস্থানৰ সহযোগিতাৰে নদীৰ পানীৰ গুণাগুণ,নদীৰ পলস,নদী উপত্য়কাৰ গৰাখহনীয়া আৰু মৎস্য় পালনৰ পদ্ধতিৰ সৈতে জড়িত তথ্য় আৰু নমুনা সংগ্ৰহ কৰা হ'ব ।

৯০০ কিলোমিটাৰৰ এই ৰিভাৰ ৰাফটিঙৰ দুটা অংশ হ'ব । অৰুণাচলৰ অংশ ভাৰত-চীন সীমান্তৰ উজনি চিয়াংৰ গেলিঙৰ পৰা আৰম্ভ হৈ পূৱ চিয়াং জিলাৰ চিয়াং নদীৰ পৰা পাচিঘাটলৈ যাব ।

হ'ব ।

ITBP য়ে প্ৰকাশ কৰা বিজ্ঞপ্তি অনুসৰি আন কেইবাটাও মন্ত্ৰণালয়,বিভিন্ন বিভাগ,কেন্দ্ৰীয় সংস্থা,ৰাজ্য়খনৰ লগতে অসম চৰকাৰ,কাৰিকৰী প্ৰতিষ্ঠান আৰু নেচনেল ডিজেস্টাৰ ৰেচপন্চ ফ'ৰ্ছ ( NDRF)ৰ সহযোগত জল শক্তি মন্ত্ৰণালয়ৰ অন্তৰ্গত ব্ৰক্ষ্মপুত্ৰ বৰ্ডে আয়োজন কৰে এই কাৰ্যসূচী ।

লগতে পঢ়ক :18 টা ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলা স্থাপন কৰিব নীতিন গাডকাৰীয়ে

ABOUT THE AUTHOR

...view details