পুনৰবাৰ উচ্চতম ন্যায়ালয়ে এই কথা প্ৰমাণিত কৰিলে যে, আইনৰ সন্মুখত সকলো সমান ৷ উচ্চতম ন্যায়ালয়ৰ শেহতীয়া ৰায়দানে আদালতৰ বিপক্ষে থকা সকলো ধৰণৰ ভুল-ভ্ৰান্তি নাইকিয়া কৰিলে ৷
পাঁচজনীয়া সদস্যৰ বিচাৰক মণ্ডলীৰ ৰায়দান RTI আইনৰ "ৰাজহুৱা কৰ্তৃত্বৰ" সংজ্ঞাৰ অধীনলৈ আহে ৷ এই মণ্ডলীয়ে শুদ্ধকৈ বিশ্লেষণ কৰিছে যে, তথ্য জনাৰ অধিকাৰ আৰু গোপনীয়তাৰ অধিকাৰ আইন হৈছে এটা মুদ্ৰাৰ দুটা পিঠি আৰু ন্যায়পালিকাৰ স্বাধীনতাক যিকোনো উলংঘনৰ পৰা সংৰক্ষিত কৰি ৰখা উচিত ৷
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কৈছিল, "ন্যায়পালিকাৰ স্বাধীনতা আৰু দায়বদ্ধতা একেলগে আগবঢ়া উচিত আৰু স্বচ্ছতাই ন্যায়পালিকাৰ স্বাধীনতাক দুৰ্বল কৰিব নোৱাৰে ৷"
অধিবক্তা চন্দ্ৰচূড়ে মন্তব্য কৰিছিল যে, ন্যায়িক স্বাধীনতাৰ অৰ্থ এইটো নহয় যে ন্যায়াধীশ আৰু অধিবক্তাসকল আইনৰ উৰ্দ্ধত ৷ লগতে তেওঁ কয় যে, যিহেতু ন্যায়াধীশে এটা সাংবিধানিক পদৰ আনন্দ লয় আৰু সাৰ্বজনীন কৰ্তব্য পালন কৰে সেয়েহে ন্যায়পালিকাই অকলে কাম কৰিব নোৱাৰে ৷
2016 চনত ৰঞ্জন গগৈ সহিতে তিনিজনীয়া বিচাৰকৰ দলে 6 বছৰ ধৰি পৰি থকা এটা গোচৰৰ শুনানি গ্ৰহণ কৰিছিল ৷ বিচাৰক মণ্ডলীৰ সন্মুখত উত্থাপন হোৱা প্ৰশ্নকেইটা আছিল যে, ন্যায়পালিকাৰ স্বাধীনতা ৰক্ষা কৰাৰ স্বাৰ্থত তথ্যৰ অধিকাৰৰ পৰা বিৰত ৰখাটো উচিত নে ? তথ্যৰ বিষয়ে কোনো প্ৰশ্ন কৰাটো ন্যায়পালিকাৰ কৰ্তব্যত হস্তক্ষেপ কৰা বুজাই নে ?
দুজনীয়া বিচাৰকৰ মণ্ডলীৰ সন্মুখত কিছু সংখ্যক প্ৰশ্ন উত্থাপন কৰা হৈছিল ৷ গগৈৰ 17 নৱেম্বৰত অৱসৰৰ পূৰ্বে RTI আইনক নিৰপেক্ষ ৰায়দানে আৰু সৱল কৰি তোলে ৷
দুৰ্নীতিক সমাজৰ পৰা নিঃশেষ কৰিবৰ বাবে RTI আইন এক আশাৰ ৰেঙণি ৷ চৰকাৰে পুৰণি আইনৰ অধীনত নিজৰ দূৰ্নীতিবোৰ লুকুৱাব চেষ্টা কৰাৰ সময়তে উচ্চতম ন্যায়ালয়ে RTI আইনক সঠিক স্থান প্ৰদান কৰিছে ৷
সুভাষ চন্দ্ৰ আগৰৱালে এখন আৱেদনক উচ্চতম ন্যায়ালয়ে নাকচ কৰাৰ পাচত বিবাদৰ সৃষ্টি হৈছিল ৷ এই আৱেদনত সুভাষ চন্দ্ৰ আগৰৱালে ভাৰতৰ মুখ্য ন্যায়াধীশ সহিতে সকলো অধিবক্তাৰ পৰা তথ্য জনাৰ ক্ষেত্ৰত স্বচ্ছতাৰ অনুৰোধ কৰিছিল ৷
কেন্দ্ৰীয় সূচনা আয়োগ (Central Information Commission) য়ে নিৰ্দেশ প্ৰদান কৰিছিল যে, মুখ্য ন্যায়াধীশক প্ৰদান কৰা আৱশ্যকীয় তথ্যসমূহ RTI আইনৰ অধীনত স্কেন কৰা হয় ৷ ইয়াৰ পাচতে এক বিবাদৰ সৃষ্টি হৈছিল ৷
কেন্দ্ৰীয় সূচনা আয়োগ (Central Information Commission) ৰ এই নিৰ্দেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন কৰি কয় যে, স্বচ্ছতাই ন্যায়পালিকাৰ স্বাধীনতাক দুৰ্বল কৰি তোলে ৷ কিন্তু এজনীয়া আৰু চাৰিজনীয়া বিচাৰক মণ্ডলীয়ে 4 মাহৰ পাচত এই Central Information Commission ৰ নিৰ্দেশাৱলীক অৱশেষত সমৰ্থন কৰিছিল ৷
উচ্চতম ন্যায়ালয়ৰ চেক্ৰেটাৰী জেনেৰেলে দিল্লী উচ্চ ন্যায়ালয়ৰ 2010 চনৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আৱেদন কৰে ৷ এই আৱেদনত গোচৰীয়া আৰু ন্যায় প্ৰদানকাৰীৰ ভূমিকা পালন কৰা উচ্চতম ন্যায়ালয়ে তথ্য জনাৰ স্বচ্ছতা সম্পৰ্কত ভোট প্ৰদান কৰে ৷
ৰাষ্ট্ৰীয় ন্যায়িক দায়বদ্ধ আয়োগ (National Judicial accountability Commission) আইনে ন্যায়পালিকাৰ স্বাধীনতাক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে পূৰ্বে শীৰ্ষ আদালতে এই আইনক খাৰিজ কৰে ৷ প্ৰশান্ত ভূষণে মন্তব্য কৰিছিল যে, ন্যায়িক স্বতন্ত্ৰতাৰ অৰ্থ হৈছে ন্যায়পালিকাক কাৰ্যপালিকাৰ হস্তক্ষেপৰ পৰা ৰক্ষা কৰাহে সেইবাবে মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত বিচাৰপীঠে ৰাজহুৱা নিৰীক্ষণৰ বিষয়টোত ঐতিহাসিক সিদ্ধান্ত লয় ৷
ভাৰতীয় লোকতন্ত্ৰত নাগৰিকসকল হৈছে সৰ্বোচ্চ হিতাধিকাৰী ৷ ভাৰতীয় সংবিধানৰ 19 সংখ্যক অনুচ্ছেদে নাগৰিকসকলক বাক্ স্বাধীনতা প্ৰদান কৰিছে ৷ তথ্য জনাৰ অধিকাৰ এই পৰিধিৰ ভিতৰতে আহে ৷
উচ্চতম ন্যায়ালয়ে স্পষ্ট নিৰ্দেশনা জাৰী কৰিছে যে, নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা সকলো প্ৰতিদ্বন্দীয়ে ভোটাৰৰ আগত তেওঁলোকৰ সকলো তথ্য আগবঢ়াব লাগিব ৷ 2019 চনৰ এপ্ৰিল মাহত উচ্চতম ন্যায়ালয়ে এই কথা স্পষ্ট কৰি দিছিল যে, ৰাষ্ট্ৰীয় সুৰক্ষাৰ গইনা লৈ চৰকাৰে তথ্য প্ৰদান নকৰাকৈ থাকিব নোৱাৰিব ৷
2005 চনত RTI আইন পৰিচিত হোৱাৰ পাচতে ইয়াক কমজোৰ কৰিবৰ বাবে চৰকাৰে নানা উপায় অৱলম্বন কৰিছে ৷ প্ৰতিবাৰেই উচ্চতম ন্যায়ালয়ৰ মধ্যস্থতাত RTI আইনখন সুৰক্ষিত হৈ আহিছে ৷
শেহতীয়া ৰায়দানৰ জৰিয়তে সৰ্বোচ্চ ন্যায়ালয়ে এই কথা প্ৰমাণিত কৰিলে যে, সংবিধানৰ মৌলিক অধিকাৰসমূহ সকলোৰে বাবে সমপৰ্যায়ৰ ৷ যদিও ভাৰতৰ RTI আইনক পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ 5 খন RTI আইনৰ ভিতৰত এখন বুলি গণ্য কৰা হৈছিল, কিন্তু চৰকাৰৰ উদাসনীতাৰ বাবে ই ষষ্ঠ স্থানলৈ অৱনমিত হৈছে ৷
সংবাদ মাধ্যম আৰু RTI কৰ্মকৰ্তাৰ বাবে ভাবুকিৰ সৃষ্টি হোৱাৰ সময়তে উচ্চতম ন্যায়ালয়ৰ শেহতীয়া ৰায়দান এক আশাৰ ৰেঙণি হৈ পৰিছে ৷ যেতিয়া ৰাজনৈতিক দলসমূহক RTI আইনৰ অধীনত চালি-জাৰি চাব পৰা যাব, জনসাধাৰণৰ সন্মুখত স্বচ্ছ আৰু জবাবদিহি হ'ব সেইদিনাই ভাৰতে লোকতন্ত্ৰৰ মহিমা বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব ৷