অসম

assam

ETV Bharat / bharat

পুনেত অ'টো চালকে দাঙি ধৰিলে সততাৰ অন্যতম নিদৰ্শন - প্ৰায় 7 লাখ টকা মূল্যৰ নগদ ধন আৰু অলংকাৰ ভৰ্তি বেগ

প্ৰায় 7 লাখ টকা মূল্যৰ বেগ গৰাকীক উভতাই দিলে পুনেৰ এজন অ'টো চালকে ৷ ভিথাল মাপাৰে নামৰ চালকজনে যোৱা দুদিন ধৰি লাভ কৰা প্ৰশংসাৰ বাবে গৌৰৱাম্বিত বুলি জানিবলৈ দিয়ে ৷

Rickshaw driver returns bag containing 7 lakh to Pune couple
পুনেত অ'টো চালকে দাঙি ধৰিলে সততাৰ অন্যতম নিদৰ্শন

By

Published : Sep 12, 2020, 6:46 AM IST

নেশ্যনেল ডেস্ক, 12 ছেপ্তেম্বৰ :মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে পুনেৰ এগৰাকী অ'টো চালকে ৷ কৰ'ণা ভাইৰাছৰ দ্বাৰা সৃষ্ট লকডাউনৰ ফলত সাধাৰণ লোকে আৰ্থিক দৈন্যতাৰ সন্মুখীন হোৱাৰ সময়তে এজন অ'টো চালকে দাঙি ধৰিলে সততাৰ অন্যতম নিদৰ্শন ৷ প্ৰায় 7 লাখ টকা মূল্যৰ নগদ ধন আৰু অলংকাৰ ভৰ্তি এটা বেগ গৰাকীক গতাই দিলে অ'টো চালকজনে ৷

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, বুধবাৰে এক দম্পত্তিয়ে কেশৱ নগৰ অঞ্চলত ভিথাল মাপাৰে নামৰ এজন লোকৰ তিনিচকীয়া অ'টো ভাড়ালৈ লৈছিল ৷ হাদাপছাৰ বাছ ষ্টেণ্ডলৈ যোৱা দম্পত্তিয়ে ভুলবশতঃ অ'টোখনতে বেগটো পাহৰি যায় ৷

মাপাৰেই ঘটনা সম্পৰ্কত কয়, "একাপ চাহ খাবৰ বাবে মই কাৱাডে পথত ৰওঁ ৷ সেই সময়তে মই অ'টোৰ পাচফালৰ আসনত এটা বেগ প্ৰত্য়ক্ষ কৰো ৷ মই বেগটো নুখুলাকৈয়ে ঘোৰপাডী আৰক্ষী চকীত জমা দিওঁ ৷"

এই সম্পৰ্কত ঘোৰপাডী আৰক্ষী চকীৰ উপ আৰক্ষী পৰিদৰ্শক বিজয় কদমে কয়, "বেগটো খোলাৰ পাচত প্ৰায় 11 তোলা সোণ, 20,000 টকাৰ নগদ ধন, কিছু কাপোৰ উদ্ধাৰ কৰা হয় ৷ এই সম্পত্তিৰ মূল্য প্ৰায় 7 লাখ টকা হ'ব ৷ ইয়াৰ পাচতে আমি হাদাপছাৰ আৰক্ষী চকীৰ সৈতে যোগাযোগ কৰো ৷"

উল্লেখ্য যে, অ'টো চালক মাপাৰে বহু বছৰ ধৰি অ'টো চলাই পৰিয়াল পোহপাল দি আহিছে ৷ এটা ভাড়া ঘৰত বাস কৰি অহা মাপাৰেৰ পুত্ৰ এক ব্যক্তিগত ফাৰ্মৰ কৰ্মচাৰী ৷ মাপাৰেই কয় যে, যোৱা দুদিনত তেওঁ লাভ কৰা প্ৰশংসাৰ বাবে বহু সুখী ৷ এয়া তেওঁৰ জীৱনৰ সৰ্ববৃহৎ পুৰস্কাৰ ৷

ABOUT THE AUTHOR

...view details