নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ লক ডাউনৰ সময়ছোৱাতে নিজৰ অভিজ্ঞতাৰে অনলাইযোগে নৃত্যৰ পাঠদান আগবঢ়াইছে বলীউদ অভিনেত্ৰী ৰিছা চদ্দাই ।
অনলাইযোগে নৃত্যৰ পাঠদান অভিনেত্ৰী ৰিছা চদ্দাৰ - ৰিছা চদ্দা
দেশজুৰি চলা লক ডাউনৰ সময়ছোৱাত অনলাইযোগে নৃত্যৰ পাঠদান আগবঢ়াইছে বলীউদ অভিনেত্ৰী ৰিছা চদ্দাই । লদতে অভিনেত্ৰী গৰাকীয়ে বিভিন্ন সুস্বাদু আহাৰ বনাই অনুৰাগীৰ লগত শ্বেয়াৰ কৰিছে ।
![অনলাইযোগে নৃত্যৰ পাঠদান অভিনেত্ৰী ৰিছা চদ্দাৰ লক ডাউন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6937412-1021-6937412-1587832461358.jpg)
অনলাইযোগে নৃত্যৰ পাঠদান অভিনেত্ৰী ৰিছা চদ্দাৰ
মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে দেশজুৰি ঘোষণা কৰা লক ডাউনৰ বাবে অভিনেত্ৰী গৰাকীয়ে সুস্বাদু আহাৰ বনোৱাৰ উপৰিও অনুৰাগী সকলৰ বাবে বিশেষভাৱে অনলাইযোগে নৃত্যৰ পাঠদান প্ৰদান কৰি আহিছে । লগতে শৰীৰচৰ্চাৰ জৰিয়তে নিজৰ শৰীৰৰো যতন লৈছে অভিনেত্ৰী গৰাকীয়ে ।
অভিনেত্ৰী গৰাকীয়ে কয়, "নৃত্য বাস্তৱ ক্ষেত্ৰত মোৰ বাবে চিকিৎসাৰ দৰে অনুভৱ । বিগত বৰ্ষত মই বেলী ডান্স শিকিছিলো । এতিয়া মই লক ডাউন বাবে নৃত্য চৰ্চা কৰিবলৈ সময় পাইছো ।"