নিউজ ডেক্স, 31 জানুৱাৰীঃএকক ব্যৱহৃত প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰা আজিৰ দিনটোৰ প্ৰধান মন্ত্ৰ আৰু এই দিশত কেন্দ্ৰীয় চৰকাৰেও মৰাপাট শিল্পক নতুন দিশ দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে ৷ মৰাপাট খেতিয়কসকলৰ লগতে মৰাপাটৰ সামগ্ৰী নিৰ্মান কৰা ব্যৱসায়ীসকলো চৰকাৰৰ এই সিদ্ধান্তক লৈ আশাবাদী ৷ পশ্চিম বংগৰ মৰাপাট খেতিয়ক সকলক উৎসাহিত কৰা আৰু তেঁওলোকৰ সমস্যাসমূহ আলোচনা কৰাৰ বাবে কেন্দ্ৰই ইতিমধ্যে পশ্চিম বংগৰ মৰাপাট আয়ুক্তক এই সমস্যাসমূহৰ সমাধানৰ বাবে বিস্তৃত প্ৰতিবেদন দাখিল কৰিবলৈ আদেশ দিয়ে ৷
উল্লেখ্য যে, এই প্ৰতিবেদনে ভৱিষ্যতে মৰাপাট ভিত্তিক পণ্যসমূহৰ ওপৰত আইনী ৰক্ষা আৰু সংশোধনৰ পথ প্ৰশস্ত কৰিব ৷ প্ৰতিবেদনখনে খেতিপথাৰসমূহত পৰ্যাপ্ত পানীৰ পৰিমাণ নিৰ্ধাৰণ কৰা আৰু উন্নত মানৰ মৰাপাটৰ বীজৰ বিকাশৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিব ৷ নদিয়াৰ মৰাপাট খেতিয়কসকলে কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে এই দিশত প্ৰদান কৰা ইতিবাচক পদক্ষেপৰ ওপৰত আশাবাদী ৷ কাৰণ তেঁওলোকে বিশ্বাস কৰে যে, মৰাপাট সামগ্ৰীৰ বৰ্ধিত চাহিদাই মৰাপাট খেতিৰ বৃদ্ধিত প্ৰভাৱ বিস্তাৰ কৰিব ৷