অসম

assam

ETV Bharat / bharat

GSTৰ বকেয়া আদায়ৰ বাবে মোডীলৈ আহ্বান বহু ৰাজ্যৰ - লকডাউন

ডি এম কে, ওৱাই এচ আৰ চি পি, শিব সেনা, তৃণমূল কংগ্ৰেছ, কেৰালা চৰকাৰ আদি সকলোৱে ৰাজ্যচৰকাৰ সমূহে পাব লগীয়া বকেয়া GST সমূহ আদায় দিবলৈ আহ্বান জনাই ।

GSTৰ বকেয়া আদায়ৰ বাবে মোডীলৈ আহ্বান বহু ৰাজ্যৰ
GSTৰ বকেয়া আদায়ৰ বাবে মোডীলৈ আহ্বান বহু ৰাজ্যৰ

By

Published : Apr 9, 2020, 12:02 PM IST

নিউজ ডেস্ক, 9 এপ্ৰিলঃ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে হোৱা এক আলোচনাত বহু কেইখন বিৰোধী শাসিত ৰাজ্যই FRBM অধিনিয়মৰ দ্বাৰা ধাৰ ল'ব পৰা বিষয়টোক পুণৰ বিবেচনা কৰিবলৈ ৰেখাংকন কৰে । লগতে কোভিড- 19ৰ সৈতে মোকাবিলা কৰাত সহায়ক হ'বলৈ জিএচটি ৰ বকেয়া ধনৰাশি শীঘ্ৰেই মুকলি কৰিদিবলৈয়ো প্ৰধানমন্ত্ৰীক আহ্বান জনাই ।

"ডি এম কে, ওৱাই এচ আৰ চি পি, শিব সেনা, তৃণমূল কংগ্ৰেছ, কেৰালা চৰকাৰ আদি সকলোৱে ৰাজ্যচৰকাৰ সমূহে পাব লগীয়া বকেয়া GST সমূহ আদায় দিবলৈ আহ্বান জনাই ।"- প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত অংশ লোৱা বিৰোধী দলৰ সদস্য এগৰাকীয়ে এই কথা অৱগত কৰে । ভিডিঅ' কনফাৰেন্স যোগে অনুষ্ঠিত হৈছিল এই বৈঠক ।

প্ৰায় প্ৰতিখন ৰাজ্যই লকডাউনৰ ফলত ভয়াবহ ভাবে অৰ্থনৈতিক সংকটত পৰা দেখা গৈছে । 21 দিনীয়া লক ডাউনত সকলো স্তব্ধ হৈ পৰাৰ ফলত ৰাজকোষলৈ কৰ বা ৰাজহৰ নামত কোনো ধন যোগ নোহোৱাৰ লেখিয়াই ।

ইপিনে 21 দিনীয়া লকডাউন সমাপ্ত হ'ব 14 এপ্ৰিলত । কিন্তু সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ ৰাখি লকডাউনৰ ম্যাদ বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱণা আছে । আনহাতে বহুকেইখন ৰাজ্যয়ো লকডাউন বঢ়াবলৈ পৰামৰ্শ আগবঢ়াইছে ।

অৱশ্যে লকডাউনৰ ফলত বাৰুকৈয়ে ক্ষতিগ্ৰস্থ হৈছে আয়ৰ মূল উৎস । পেট্ৰ'ল -ডিজেলৰ ডিপু বন্ধ থকাত সংগ্ৰহ হোৱা নাই GST ।

পিটিআইৰ প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰে দ্বিতীয় পৰ্যায়ৰ বকেয়া থকা GSTৰ বাবদ 34,000 কোটি টকা ৰাজ্যসমূহলৈ মুকলি কৰি দিব । ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ এই জি এচ টি ফেব্ৰুৱাৰী মাহৰ পৰা দিবলৈ বাকী আছিল ।

ABOUT THE AUTHOR

...view details