নিউজ ডেস্ক, 16 এপ্ৰিলঃ জম্মু কাশ্মীৰত হাই স্পীড ইন্টাৰনেট সেৱা কৰ্তনৰ সিদ্ধান্তক 27 এপ্ৰিললৈ বঢ়োৱা হ'ল। গৃহ বিভাগৰ মুখ্য সচিব চালিন কাৰবাই বুধবাৰে এক নিৰ্দেশনাযোগে এই কথা অৱগত কৰে ।
জম্মু কশ্মীৰত হাই স্পীড ইন্টাৰনেট সেৱাৰ বাধা অব্যাহত - Restrictions on high-speed internet to continue in J&K
গৃহ বিভাগৰ মুখ্য সচিব চালিন কাৰবাই এক নিৰ্দেশনা প্ৰকাশ কৰে। এই নিৰ্দেশনাটোত কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু কাশ্মীৰত 27 এপ্ৰিললৈ হাইস্পীড ইন্টাৰনেট ব্যাহত হৈ থাকিব বুলি প্ৰকাশ কৰিছে ।
জম্মু কশ্মীৰত হাই স্পীড ইন্টাৰনেট সেৱাৰ বাধা অব্যাহত
সামাজিক মাধ্যম ব্যৱহাৰ কৰি ফটো বিয়পোৱাৰ লগতে সন্ত্ৰাসবাদী কাৰ্যকলাপ,সন্ত্ৰাসবাদী গোটৰ লগতে গণ আক্ৰমণৰ ঘটনা সংঘটিত কৰোৱাৰ সম্ভাৱণাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই নিৰ্দেশনা জাৰি কৰা হৈছে বুলি উল্লেখ কৰে ।
উল্লেখ্য যে, 5 আগষ্ট 2019ত সংবিধানৰ 370 সংশোধন কৰি জম্মু কাশ্মীৰৰ বিশেষ মৰ্যদা কৰ্তন কৰাৰ লগতে কেন্দ্ৰীয় শাসিত ৰাজ্য হিচাপে গঠন কৰিছিল । আৰু তেতিয়াৰ পৰাই তাত কৰ্তন হৈ আছে দ্ৰুত ইন্টাৰনেট সেৱা ।