সমগ্ৰ বিশ্বকেই COVID-19ৰ শংকাই ছানি ধৰিছে ৷ এই সময়তে যোগ দিৱসৰ সৈতে সংগতি ৰাখি ইটিভি ভাৰতৰ "সুখীভৱ"ই কথা পাতিছিল বৈজ্ঞানিক গৱেষণা বিভাগ, কাইভাইল্লাধাম যোগ প্ৰতিষ্ঠানৰ উপ সঞ্চালক ডাক্তৰ সতীশ দি পাঠক, (M.S, F.C.P.S, M.N.A.M.S)ৰ সৈতে ৷ তেওঁৰ লগত হোৱা কথা বতৰাত যোগে কেনেদৰে হাওঁফাওঁ আৰু উশা-নিশা পৰিষ্কাৰ কৰাত সহায় কৰে সেই বিষয়ে আলোচনা কৰা হৈছে ৷
ডাঃ পাঠকে কয় যে, যোগে নিশ্বাসত সহায় কৰাৰ লগতে হাওঁফায়ো শক্তিশালী কৰে, হজম শক্তি বৃদ্ধি কৰে, তেজৰ চলাচল মসৃণ কৰে, হাড়ৰ গঠন আৰু মাংসপেসীও শক্তিশালী কৰে ৷ তেওঁ লগতে বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰো উত্তৰ প্ৰদান কৰে যি সমূহ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় ৷
- যোগ কৰিবৰ বাবে আটাইতকৈ অধিক ভাল সময় কোনটো?
সাধাৰণতে পুৱা 4.30 ৰ পৰা 6.30 বজাৰ সময়খিনি অথবা 4-5 ঘন্টা যেতিয়া পেট খালী থাকে আৰু সেই সময়খিনিত শক্তিৰ স্তৰ শিখৰত থাকে ৷ ইয়াৰ জৰিয়তে অধিকতম লাভ আদায় কৰিব পাৰি ৷ যদি এই সময়চোৱাত সম্ভৱ নহয়, তেন্তে সন্ধিয়াৰ ভাগত কাৰ্যালয়ৰ পৰা অহাৰ পাচত খাদ্য গ্ৰহণ কৰাৰ পূৰ্বে এবাৰ কৰিব পাৰে ৷
যি সকলে সময় নাপায় তেওঁলোকে অন্তত অনুলম বিলম, গায়ত্ৰী আৰু ঔমকাৰ আৰু উজ্জ্বয়ী, উশাহৰ চৰ্চা কৰা উচিত ৷ লগতে শাস্ত্ৰত থকা গায়ত্ৰী মন্ত্ৰয়ো উচ্চাৰণ কৰাটো প্ৰয়োজনীয়, কিয়নো গায়ত্ৰী মন্ত্ৰ জপ কৰোতে মস্তিষ্কৰ কিছু গুৰুত্বপূৰ্ণ অংশক উত্তেজিত কৰে , যি সমূহ সু-স্বাস্থ্য এটা গঢ়ি তোলাত সহায়ক হয় ৷
- কপালভাটিৰ কাৰনে প্ৰয়োজনীয় সময় কিমান ? কোনে এইটো কৰা উচিত নহয় ?
কপালভাটি নিজৰ ক্ষমতা অনুসৰি কৰিব লাগে, কিন্তু সৰ্বাধিক সময়ৰ পৰিসীমা 100 মিনিটৰ পৰা 120 মিনিটলৈ ৷ যি সকলৰ বায়পাছ চাৰ্জাৰী, পেচৰ অস্ত্ৰোপ্ৰছাৰ, উচ্চ ৰক্তচাপ, হার্নিয়া, পিঠিৰ সমস্যা, যাৰ ডাঙৰ হাৰ্ট এটেক হৈছে, গ্লাউকমা আছে, গৰ্ভাৱতী মহিলা, এনে লোক সকলে কৰাটো উচিত নহয় ৷
মন কৰিব যে, যোগ চৰ্চাহে, ই ব্যাম নহয় ৷ ইয়াক এটা সময়ৰ ভিতৰত ধীৰে ধীৰে লোক জনৰ ক্ষমতা অনুসৰী উন্নত কৰা হয় ৷ যোগক কেতিয়াও কচৰৎ হিচাবে বিবেচনা কৰাটো উচিত নহয় ৷ যোগ সদায় চৰ্চা কৰিলে শৰীৰ কেতিয়াও দুৰ্বল নহয় বা জৰাজীৰ্ণ নহয়, বৰঞ্চ উজ্বলতাহে বঢ়ায় ৷
- যোগ বা আসনৰ বাবে কোনো নিৰ্দিষ্ট অণুক্ৰম আছে নেকি? শুদ্ধ অনুশীলন কি ?
ঘৰৰ পৰা দৌৰি গৈ অথৱা হঠাতে ভাগৰুৱা অনুভৱ কৰিলে যোগ কৰিব নালাগে ৷ শৰীৰটো শীতল হ'ব দি কাষৰ পৰিৱেশৰ লগত মিলিব দিব লাগে আৰু তাৰ পাচত শুই ধীৰে ধীৰে 5 মিনিটৰ বাবে "সাভাসন" কৰিব লাগে ৷