নিউজ ডেস্ক, ৮ জুনঃ মহামাৰী কৰ'ণা ভাইৰাছৰ মাজতে সমগ্ৰ দেশজুৰি আনলক ১.০ আৰম্ভ হোৱা লগে লগে কিছু পৰিমাণে স্বাভাবিক হৈ পৰিছে জনজীৱন । যাৰ পৰিপ্ৰেক্ষিততে দেওবাৰে সন্ধিয়া মুম্বাইৰ মেৰিন ড্ৰাইভত দেখা এটি দৃশ্যই শংকিত কৰিছে মুম্বাইৰ সচেতন নাগৰিকক । মেৰিন ড্ৰাইভত দেওবাৰে একাংশ লোকে মাস্ক পৰিধাণ কৰি ফুুৰিবলৈ ওলাই আহে যদিও কোনো ধৰণৰ সামাজিক দূৰত্ব বজাই নাৰাখে লোক সকলে । যাৰ বাবে শংকিত হৈছে মুম্বাইবাসী ।
মহাৰাষ্ট্ৰত উদ্ৱৱ ঠাকৰে নেতাত্বাধীন চৰকাৰখনে লক ডাউনত কিছু পৰিমাণে শিথিলতাৰ ঘোষণা কৰি চাইক্লিং, জগিং কৰাৰ বাবে অনুমতি প্ৰদান কৰাৰ পাচতে এই দৃশ্য দেখিবলৈ পোৱা যায় মেৰিন ড্ৰাইভত ।