অসম

assam

ETV Bharat / bharat

সমূহীয়া পদত্যাগৰ হুংকাৰ দিল্লীৰ কস্তুৰবা হাস্পতালৰ আবাসিক চিকিৎসকৰ - কস্তুৰবা হাস্পতালৰ আবাসিক চিকিত্স

বিগত তিনিমাহে দৰমহা লাভৰ পৰা বঞ্চিত হৈ আছে কস্তুৰবা হাস্পতালৰ আবাসিক চিকিৎসকসকলে । যদি ১৬ জুনৰ ভিতৰত তেওঁলোকক হাস্পতাল কৰ্তৃপক্ষই দৰমহা আদায় নিদিয়ে তেন্তে সমূহীয়া পদত্যাগ কৰাৰ হুংকাৰ চিকিৎসকসকলৰ ।

Kasturba Hospital
Resident doctors of Kasturba Hospital decide to tender mass resignation over salary issue

By

Published : Jun 11, 2020, 2:03 PM IST

নিউজ ডেস্ক, ১১ জুনঃ সমূহীয়া পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লীৰ কস্তুৰবা হাস্পতালৰ আবাসিক চিকিৎসকসকলে । কোভিড ১৯ ৰ সংকটৰ বাবে যিহেতু এতিয়া প্ৰতিবাদত বহাৰ উচিত সময় নহয় সেয়ে সমূহীয়া পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হাস্পতালখনৰ আবাসিক চিকিৎলকসকলে। কস্তুৰবা হাস্পতালৰ আবাসিক চিকিৎসক সমিটিৰ সভাপতি ডা৹ সুনীল কুমাৰে প্ৰকাশ কৰে এই কথা।

সমূহীয়া পদত্যাগৰ হুংকাৰ দিল্লীৰ কস্তুৰবা হাস্পতালৰ আবাসিক চিকিত্সকৰ

ডা৹ সুনীল কুমাৰে উল্লেখ কৰা অনুসৰি বিগত তিনিমাহে দৰমহা লাভৰ পৰা বঞ্চিত হৈ আছে চিকিৎসক সকল । যাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । "আমি হাস্পতালখনৰ পৰা পদত্যাগ কৰিলেও এই সংকটৰ সময়ত আমাৰ সেৱা বন্ধ নকৰো । যদি হাস্পতাল কৰ্তৃপক্ষই আমাৰ দৰমহা আদায় দিব নোৱাৰে তেন্তে আমি অন্য হাস্পতালত চিকিৎসা সেৱা আগবঢ়াম" বুলি এক ভিডিঅ' বাৰ্তাযোগে ডা৹ সুনীল কুমাৰে উল্লেখ কৰে।

সমূহীয়া পদত্যাগৰ হুংকাৰ দিল্লীৰ কস্তুৰবা হাস্পতালৰ আবাসিক চিকিৎসকৰ

"ৰাইজে আমাক কৰ'ণা যোদ্ধা হিচাপে অভিহিত কৰে। আছলতে এই সংকটৰ সময়ত ৰাজধানী দিল্লীৰ একাংশ চিকিৎসকে কি অৱস্থাত সেৱা আগবঢ়াই আছে এইটো জনা উচিত" বুলি চিকিৎসকগৰাকীয়ে ক্ষোভ ব্যক্ত কৰে । লগতে, হাস্পতাল কৰ্তৃপক্ষক এখন পত্ৰযোগে যদি তেওঁলোকক ১৬ জুনৰ ভিতৰত দৰমহা আদায় নিদিয়ে তেন্তে সকলো আবাসিক চিকিৎসকে​ সমূহীয়া পদত্যাগ কৰাৰ হুংকাৰ দিয়ে।

ABOUT THE AUTHOR

...view details