নিউজ ডেস্ক, 19 অক্টোবৰ : অব্যাহত আছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ চম্বলপুৰস্থিত বাসগৃহৰ মেৰামতি কাৰ্য ৷ INTACH ৰ অধীনত আৰম্ভ হৈছে আধুনিক অসমীয়া সাহিত্যৰ বিখ্যাত অসমীয়া কবি, সাহিত্যকাৰ তথা নাট্যকাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহৰ মেৰামতি ৷ বহুদিনৰ পৰা জৰাজীৰ্ণ অৱস্থাত পৰি ৰৈছিল চম্বলপুৰৰ কচাৰী চৌকস্থিত বেজবৰুৱাৰ বাসগৃহটি ৷
অসম আৰু ওড়িশা চৰকাৰৰ যুটীয়া প্ৰচেষ্টাত নতুন ৰূপ লাভ কৰিব ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই এসময়ত বাস কৰা গৃহটি ৷ 1917 চনৰ পৰা ১৯৩৭ চনলৈ ২০ বছৰৰ বাবে ওড়িশাৰ চম্বলপুৰত বাস কৰিছিল অসমীয়া জোনাকী যোগৰ অন্যতম উল্লেখযোগ্য় ব্যক্তি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই । সেই সময়ছোৱাতে তেওঁ চম্বলপুৰত সাজিছিল দুটাকৈ ঘৰ । ইয়াৰে এটা ঘৰত নিজে বাস কৰাৰ উপৰি এটা ঘৰ কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিছিল বেজবৰুৱাই । ২০১৮ চনতে INTACH ৰ চম্বলপুৰৰ সদস্য দিপক পাণ্ডাই ঘোষণা কৰা অনুসৰি, বাসগৃহ দুটা নিৰ্মাণৰ বাবে অসম আৰু ওড়িশা চৰকাৰে অনুমোদন জনাইছিল ৫০ লাখকৈ টকা ।