নেশ্যনেল ডেস্ক,18 ডিচেম্বৰ : মুম্বাই আৰক্ষীয়ে বাক্ স্বাধীনতা সন্দৰ্ভত প্ৰয়োগ কৰা ‘ঔপনিৱেশিক আইন’ক প্ৰত্যাহ্বান জনাইছে ৰিপাব্লিক টিভিৰ স্বত্বাধিকাৰী ARG Outlier Media Private Ltdয়ে ৷ বৃহস্পতিবাৰে এক জাননীযোগে এই সন্দৰ্ভত বোম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ নিৰ্দেশ দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে ৷
সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ.এ. বোবডে আৰু তেওঁৰ বিচাৰপীঠ ন্যায়াধীশ এ.এছ. বোপন্না আৰু ন্যায়াধীশ ভি. ৰামাসুব্ৰমণিয়ানে সমগ্ৰ আবেদন উচ্চতম ন্যায়ালয়ৰ পৰিৱৰ্তে উচ্চ ন্যায়ালয়ত দাখিল কৰিবলৈ মহাৰাষ্ট্ৰ চৰকাৰক নিৰ্দেশ দিয়ে ৷
উল্লেখ্য যে, মুম্বাই আৰক্ষীয়ে ৰিপাব্লিক টিভিৰ বিৰুদ্ধে আৰক্ষী বিষয়াক অপমান কৰা আৰু আৰক্ষী বিষয়াসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছিল ৷ এই গোচৰ উপ আৰক্ষী বিষয়াৰ বিশেষ শাখাৰ দ্বাৰা ৰুজু কৰা হৈছিল ৷