অসম

assam

By

Published : Jun 18, 2020, 3:25 PM IST

ETV Bharat / bharat

'বন্দে ভাৰত মিছন'ৰ জৰিয়তে ১৮৯ জন ভাৰতীয় নাগৰিক ডুবাইৰ পৰা ভাৰতত উপস্থিত

বিশ্বৰ বিভিন্ন প্ৰান্তত ক'ৰণা ভাইৰাছৰ অধিক সংক্ৰমণ হোৱাৰ ফলত লক ডাউন অব্যাহত আছে । তাৰ মাজতে বহু ভাৰতীয় লোক আবদ্ধ হৈ থাকিব লগীয়া হৈছে । তেওঁলোক ভাৰত চৰকাৰে বন্দে ভাৰত মিছনৰ জৰিয়তে পুনৰ দেশলৈ আনিছে । বুধবাৰে পুনৰ ১৮৯ জন ভাৰতীয় নাগৰিকক ডুবাইৰ পৰা ভাৰতলৈ অনা হয় ।

'বন্দে ভাৰত মিছন 'ৰ জৰিয়তে ১৮৯ জন ভাৰতীয় নাগৰিক ডুবাইৰ পৰা ভাৰতলৈ অনা হয়
'বন্দে ভাৰত মিছন 'ৰ জৰিয়তে ১৮৯ জন ভাৰতীয় নাগৰিক ডুবাইৰ পৰা ভাৰতলৈ অনা হয়

নিউজ ডেস্ক,১৮জুনঃবন্দে ভাৰত মিছনৰ জৰিয়তে বিশেষ বিমানৰ যোগে ডুবাইত আবদ্ধ হৈ থকা ১৮৯ জন ভাৰতীয় লোকক বুধবাৰে ভাৰত চৰকাৰে দেশলৈ পুনৰ অনাৰ ব্যৱস্থা কৰে বিহাৰৰ নাগৰিক কেইজনক ।

'বন্দে ভাৰত মিছন 'ৰ জৰিয়তে ১৮৯ জন ভাৰতীয় নাগৰিক ডুবাইৰ পৰা ভাৰতলৈ অনা হয়

উল্লেখযোগ্য যে বিগত ৬ মে মাহৰ পৰা দেশলৈ বন্দে ভাৰত মিছনৰ জৰিয়তে ৫৭,০০০ জন ভাৰতী নাগৰিক বিশ্বৰ বিভিন্ন প্ৰান্তত কোভিড ১৯ বাবে আবদ্ধ হৈ থকা লোক সকলক দেশলৈ অনাৰ ব্যৱস্থা কৰে ভাৰত চৰকাৰে । প্ৰথম পৰ্যায় ৭ মেৰ পৰা আৰম্ভ হৈছিল দেশলৈ প্ৰত্যাৱৰ্ত্তন কৰাৰ প্ৰক্ৰিয়া আবদ্ধ লোকসকলক । দ্বিতীয় পৰ্যায় আৰম্ভ হৈছিল ১৬ মেৰ পৰা কিন্তু ভাৰত চৰকাৰৰ বৈদেশিক বিভাগে ঘোষণা কৰে যে এই দ্বিতীয় পৰ্যায়ৰ সময় সীমা ১৩ জুনলৈকে বৃদ্ধি কৰা হৈছে বুলি ।

লগতে পঢকঃ বৰহোলাৰ জয়ন্ত বৰাৰ মৃত্যুক পৰিকল্পিত হত্যা আখ্যা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

ABOUT THE AUTHOR

...view details