নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ ১০ ৰ পৰা ৫০ শতাংশ দৰমহা কৰ্তন কৰিব ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিৰ কৰ্মচাৰীৰ । লক ডাউনৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতবৰ্ষৰ আটাইতকৈ ধনী ব্যক্তি ৰূপে পৰিগণিত মুকেশ আম্বানীয়ে প্ৰতিষ্ঠা কৰা কোম্পানীটোৰ পৰা ।
লগতে কৰ্মচাৰীসকলক বাৰ্ষিক বনাছৰ লগতে বিভিন্ন অন্যান্য সুবিধাসমূহ কৰ্তন কৰিব বুলি সদৰী কৰে কোম্পানীটোৱে । ২৫ মাৰ্চৰ পৰা দেশজুৰি চলা লক ডাউনৰ বাবেই ৰিলায়েঞ্চ গ্ৰুপৰ বিভিন্ন কোম্পানী বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিততে এই পদক্ষেপ গ্ৰহণ কৰে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিয়ে । আনহাতে, পেট্ৰকেমিকেলচৰ চাহিদা হ্ৰাস পোৱা বাবেই ৰিলায়েঞ্চৰ হাইড্ৰ'কাৰ্বনৰ ব্যৱসায়ীত বিৰূপ প্ৰভাৱ পৰা বুলি উল্লেখ কৰে ।