অসম

assam

ETV Bharat / bharat

সাম্প্ৰতিক সময়ঃ গান্ধীৰ অৰ্থনৈতিক আৰ্হিৰ তাৎপৰ্য - Gandhi and his Think Tank

মহাত্মা গান্ধীৰ অৰ্থনৈতিক আৰ্হি আৰু বৰ্তমান সময়ৰ নিয়োগবিহীনতাৰ ওপৰত এই বিশেষ প্ৰতিবেদন ৷

বৰ্তমান সময়ৰ নিয়োগবিহীনতাত গান্ধীৰ অৰ্থনৈতিক আৰ্হিৰ তাৎপৰ্য

By

Published : Aug 28, 2019, 8:05 PM IST

আগষ্টৰ 20 তাৰিখে ইণ্ডিয়ান এক্সপ্ৰেছ ই-বাতৰিকাকতত নৰ্ডান ইণ্ডিয়া টেক্সটাইলছ মিলছ এছ'চিয়েশ্বনৰ ভাৰতীয় সূতা উদ্যোগে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ ওপৰত এক অগতানুগতিক বিজ্ঞাপন প্ৰকাশ পায় ৷ ভাৰতীয় সূতা উদ্যোগে সন্মুখীন হোৱা লোকচানৰ পৰিমান বৃদ্ধি পোৱাৰ ফলতে তেওঁলোকে ভাৰতীয় কপাহ ক্ৰয় কৰিব পৰা অৱস্থাত নাই ৷ দেশৰ প্ৰায় 10 কোটি লোকৰ জীৱন সূতা উদ্যোগৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছে ৷ ইয়াৰ ফলত কপাহ উৎপন্ন কৰা দেশৰ বহুসংখ্যক কৃষকৰ জীৱন বিপন্ন হৈ পৰিছে ৷

চলিত আগষ্ট মাহৰ 1 তাৰিখত ইণ্ডিয়ান টি এছ'চিয়েশ্বনে চাহ উদ্যোগে সন্মুখীন হৈ অহা সমস্যাৰ ওপৰত ইক'নমিক টাইমছত আন এক বিজ্ঞাপন প্ৰকাশ পাইছিল ৷ চাহ বাগিছাসমূহত বৃদ্ধি পোৱা লোকচানৰ বাবে 10 লাখ কৰ্মচাৰীৰ জীৱন বিপদত পৰিছে ৷

বিগত 21 আগষ্টত আউটলুক আলোচনীত ভাৰতৰ প্ৰখ্যাত আৰু বৃহৎ বিস্কুট নিৰ্মাণকাৰী সংস্থা পাৰ্লে প্ৰডাক্টছ প্ৰাইভেট লিমিটেডৰ ওপৰত এটা প্ৰবন্ধ প্ৰকাশ পাইছিল ৷ প্ৰবন্ধটোত উল্লেখ থকা অনুসৰি, যদিহে চৰকাৰে সামগ্ৰী আৰু সেৱা কৰত ৰেহাই নিদিয়ে তেতিয়াহ'লে সংস্থাটোৱে ইয়াৰ 10 হাজাৰ কৰ্মচাৰীৰ চাকৰি কাটিবলৈ বাধ্য হৈ পৰিব ৷

ইয়াৰ বিপৰীতে 2.0 মোডী চৰকাৰে দেশত বৃহৎ হাৰে অৰ্থনৈতিক সংস্কাৰৰ দ্বাৰা ৰাজহুৱা খণ্ডৰ সৈতে জড়িত ৰাজহুৱা সম্পত্তিৰ লগতে অৰ্ডিনেন্স ফেক্টৰীৰ দৰে চৰকাৰী বিভাগৰ বিক্ৰী অথবা বৃহৎ পূঁজিপতিক গটাই দিয়াৰ কথা ঘোষণা কৰিছে ৷ চৰকাৰে সামগ্ৰী বিক্ৰীকৰণৰ দ্বাৰা এইদৰে প্ৰায় 90,000কোটিৰ লোকচান পুৰণ কৰিবলৈ ওলাইছে ৷ বিগত বৰ্ষত চৰকাৰে 80,000কোটিৰ বিত্তীয় ঘাটি পুৰণ কৰিবলৈ এইদৰে ৰাজহুৱা সম্পত্তি বিক্ৰী কৰিছিল আৰু শেহতীয়া অৰ্থনৈতিক সংস্কাৰৰ দ্বাৰা চৰকাৰে পুনৰ প্ৰমাণ কৰি দিছে যে কিদৰে চৰকাৰে ৰাজহুৱা সম্পত্তিসমূহক ধ্বংসৰ মুখলৈ থেলি দি আছে ৷

এইবোৰ জানো দেশৰ অৰ্থনীতিৰ বাবে ভাল লক্ষণ? চৰকাৰে সকলো ঠিকে আছে বুলি কৈ থকাৰ বিপৰীতে দেশৰ অৰ্থনীতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈ আহিছে ৷ চৰকাৰে 2025ৰ ভিতৰত ভাৰতক 5 ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ লক্ষ্য হাতত লৈছে ৷ চৰকাৰে বিগত বৰ্ষত নিৰ্বাচনৰ পূৰ্বেই বহু অভিলাষী কৌশলী বিকাশ আঁচনিৰ দ্বাৰা দেশৰ অৰ্থনৈতিকভাৱে পিচপৰা লোকৰ বাবে নিয়োগ নিশ্ছিত কৰিবলৈ 10 শতাংশ সংৰক্ষণৰ ব্যৱস্থা হাতত লৈছিল ৷

অৰ্থনীতি সন্দৰ্ভত মহাত্মা গান্ধীৰ দৰ্শন সম্পূৰ্ণ পৃথক আছিল ৷ তেওঁ স্পষ্ট কৰি দিছিল যে, তেওঁ মেচিনৰ বিৰুদ্ধে নহয় কিন্তু মেচিনৰ ব্যৱহাৰ শ্ৰম লাঘৱ কৰাৰ পক্ষপাতী ৷ শ্ৰম লাঘৱ কৰা প্ৰক্ৰিয়া আৰু মেচিনৰ ব্যৱহাৰেই হাজাৰজনক সংস্থাপনবিহীন কৰি তোলে ৷ গান্ধীয়ে কৈছিল যে, মানৱজাতিৰ এটা গোটৰ বিপৰীতে সকলোৰে বাবে শ্ৰম আৰু সময় লাঘৱ কৰিব বিছাৰিছিল ৷ তেওঁ বিছাৰিছিল যে, সম্পদৰ অধিকাৰ কিছুসংখ্যকৰ বিপৰীতে সকলোৰে হাতত থাকক ৷ গান্ধীয়ে বিশ্বাস কৰিছিল যে, শ্ৰম লাঘৱ কৰা যুক্তিৰ অন্তৰালত অধিক মুনাফা আদায় কৰাৰ প্ৰচেষ্টা লুকাই আছিল ৷ গান্ধীয়ে মানৱকেন্দ্ৰিক অৰ্থনৈতিক চিন্তাধাৰা অটুত ৰাখিছিল ৷ তেওঁ বিশ্বাস কৰিছিল যে, মানৱৰ গাত থকা শক্তিক মেচিনে হাৰ মনাব নোৱাৰে ৷

তেওঁ নিজৰ বুদ্ধিবাদী চিন্তাৰে ব্যতিক্ৰম সাধন কৰিবলৈ বিছাৰিছিল ৷ উদাহৰণস্বৰূপে, তেওঁ যতৰৰ লগতে টাকুৰীক এটা উত্তম মেচিন হিচাপে ব্যৱহাৰ কৰাৰ পক্ষপাতী আছিল ৷ যেতিয়া তেওঁক প্ৰশ্ন কৰা হৈছিল যে ৰেখাডাল ক'ত টানিব, তেতিয়া তেওঁ কৈছিল যে, তেওঁ সহায় কৰিব আৰু ব্যক্তিসকলক অতিক্ৰম কৰিব ৷ মহাত্মাই মটৰ কাৰৰ কঠিনতাৰ ওপৰত বিশ্বাস কৰা নাছিল কিয়নো সেয়া মানুহৰ প্ৰাথমিক ইচ্ছা নাছিল ৷

মহাত্মা গান্ধীয়ে মেচিনৰ তুলনা মানৱ শৰীৰৰ সৈতে কৰিছিল যিয়ে আত্মাৰ বিকাশৰ বাবে সহায়কাৰী হোৱাকৈ কেৱল মাত্ৰ নিজৰ উদ্দেশ্য পূৰণ কৰিছিল ৷ মানৱৰ শৰীৰৰ দৰে মেচিনৰ প্ৰয়োজনীতা আছিল বুলি তেওঁ মানি লৈছিল ৷ কিন্তু গান্ধীৰ মতে মানৱ শৰীৰতন্ত্ৰৰ বাবে মেচিন অপৰিহাৰ্য হ'লেও আত্মাৰ মু্ক্তিৰ ই বাধা আছিল ৷

গান্ধীয়ে ভাবিছিল যে, মেচিনে ভাৰতক এলেহুৱা কৰি দিছে আৰু পাপৰ প্ৰতীক আছিল যিয়ে শ্ৰমিকসকলক চাকৰ কৰি পেলাইছিল আৰু মিলৰ মালিকসকলে শ্ৰমিকৰ মূল্যৰ বিনিময়ত ধনী হৈছিল ৷ গান্ধীৰ দৃঢ় বিশ্বাস আছিল যে, দুখীয়াই ইংৰাজৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব পাৰে কিন্তু ধনীকশ্ৰেণীয়ে সদায়ে ইংৰাজক সমৰ্থন কৰিব ৷ মিলসমূহ বন্ধ কৰি দিব লাগে নে নালাগে, সেই প্ৰসংগত গান্ধীয়ে কৈছিল যে, এয়া এক কঠিন নিৰ্ণয় হ'ব যদিও মিলসমূহ নিশ্চিত ৰূপে বিস্তাৰ হ'ব দিব নালাগে ৷ এইটো লক্ষণীয় যে, দেশৰ চাহ উদ্যোগ বৰ্তমানে সংকটত পৰিছে, আৰু সেই সময়তে ইণ্ডিয়ান টি এছ'চিয়েশ্বনে চৰকাৰক চাহৰ বিভিন্ন ক্ষেত্ৰৰ বিস্তাৰৰ ওপৰত পাঁচ বছৰলৈ প্ৰতিবন্ধকতা লগাই দিবলৈ আহ্বান জনাইছে ৷ আমাৰ চাৰিওদিশে থকা উদ্যোগিক সম্পদসমূহৰ সৈতে কি কৰা যাব সেই সন্দৰ্ভত মহাত্মা গান্ধীৰ উপদেশ আছিল যে, আধুনিক সামগ্ৰীয়ে বজাৰ দখল কৰাৰ পূৰ্বেই ভাৰতবৰ্ষই স্বদেশী নীতি অনুকৰণ কৰিব লাগে ৷ মানুহৰ বাবে মেচিন নিৰ্মিত সামগ্ৰী পৰিহাৰ কৰাটো সম্ভৱপৰ নহ'ব যদিও লাহে লাহে তাক সম্ভৱপৰ কৰি তুলিব লাগিব বুলি গান্ধীয়ে কৈছিল ৷ ইয়াৰ বাবে আমি আনৰ ওচৰত অপেক্ষা কৰিব নালাগে বুলিও উল্লেখ কৰিছিল গান্ধীয়ে ৷

স্বদেশী আন্দোলনৰ উল্লেখনীয় উদাহৰণ হৈছে চুইদেনৰ শিশু পৰিৱেশকৰ্মী গ্ৰিটা থুনবাৰ্গ ৷ থুনবাৰ্গে তেওঁৰ মাতৃৰ মালেনা ইৰ্নমান আৰু বহুসংখ্যক অনুৰাগী লগত লৈ Flight Shame and Train Bragging নামে এক আন্দোলন আৰম্ভ কৰিছে ৷ ইয়াৰ দ্বাৰা শিশু পৰিৱেশকৰ্মীগৰাকীয়ে কাৰ্বন নিৰ্গমন বন্ধ কৰিবলৈ চেষ্টা চলাই বিমান পৰিবহণৰ বিপৰীতে ৰেল পৰিবহণৰ দ্বাৰা ভ্ৰমণ কৰিবলৈ যুক্তি আগবঢ়াইছিল ৷ এই আন্দোলনৰ পিচতেই চুইদেনত ৰেল পৰিবহণ উদ্যোগে লাভৰ মুখ দেখিবলৈ সক্ষম হৈছিল আৰু বিমান পৰিবহণত কিছু যতি পৰিছিল ৷

একেদৰে লক্ষ্নৌৰ স্বাস্থ্যকৰ্মী ববি ৰমাকান্তে গাড়ীৰ মালিকানাস্বত্ব এৰি দিয়াৰ লগতে খোজকঢ়া আৰু চাইকেলৰ লগতে ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰাৰ সপক্ষে মাত মাতি আহিছে ৷ একেদৰেই বেংগালুৰুৰ গুৰুমুৰ্থি মাথ্ৰুবুথামে বিমান পৰিবহণৰ বিপৰীতে ৰেলেৰে ভ্ৰমণ কৰি আহিছে ৷ আমাৰ আশে-পাশে এনেকুৱা বহুটো উদাহৰণ আমি বিছাৰি পাম য'ত বহুটো ব্যক্তিয়ে মেচিনৰ ওপৰত তেওঁলোকৰ নিৰ্ভৰশীলতা কমাই দিছে ৷ এইটো প্ৰত্যক্ষ কৰা গৈছে যে, বৰ্তমান সময়ৰ উদ্যোগীকৰণৰ ওপৰত আধাৰিত বিকাশৰ নীতিয়ে জলবায়ুৰ ওপৰত অধিক সংকট কঢ়িয়াই আনিব ৷

কিন্তু গান্ধীবাদী চিন্তাধাৰাৰ অতিকে আশ্বৰ্যজনক সত্যাপন তেতিয়াই হৈছিল যেতিয়াই 2006 চনত দেশত ৰাষ্ট্ৰীয় গ্ৰামীন ৰোজগাৰ গেৰান্টী আইন উত্থাপন হৈছিল আৰু এমজিএনৰেগা ৰূপত সমগ্ৰ আঁচনিখন মহাত্মা গান্ধীৰ নামত উৎচৰ্গিত কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ এই আইনে মেচিন আৰু ঠিকাদাৰৰ ওপৰত প্ৰতিবন্ধকতা আনি দি শ্ৰমিকৰ সপক্ষে কাম কৰিছিল ৷ বেলজিয়ামৰ ভাৰতীয় মূলৰ অৰ্থশাস্ত্ৰবিদ জ্যা ড্ৰেজৰ দ্বাৰা পৰিকল্পিত এই আঁচনিৰ মুল উদ্দেশ্য আছিল যদি দেশৰ জনতাক ৰোজগাৰ দিব পৰা যায়, তেতিয়া এমজিএনৰেগাৰ দৰে আঁচনিৰ দ্বাৰা মেচিনক আতঁৰত ৰাখিব লাগিব ৷

ABOUT THE AUTHOR

...view details