অসম

assam

ETV Bharat / bharat

জৈৱ বৈচিত্ৰ ৰক্ষাৰ বাবে প্ৰতিজ্ঞাবৱ্ধ হ'বলৈ আহ্বান মোডীৰ - ৫ জুন

আমি আমাৰ পৃথিৱীৰ জৈৱ বৈচিত্ৰ ৰক্ষাৰ বাবে প্ৰতিজ্ঞাবৱ্ধ হ'ব লাগে। সামুহিকভাৱে বন্যপ্ৰাণী,উদ্ভিদ আদি সংৰক্ষণৰ বাবে সম্ভৱ অনুসৰি চেষ্টা কৰিব লাগে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এই আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

world environment day
world environment day

By

Published : Jun 5, 2020, 3:10 PM IST

নিউজ ডেস্ক, ৫ জুনঃ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে বিশ্বক ভৱিষ্যত প্ৰজন্মৰ বাবে আৰু অধিক উন্নত স্থান হিচাপে গঢ়ি তুলিবৰ বাবে সন্মিলিত প্ৰচেষ্টা অব্যাহত ৰখাৰ কথা উল্লেখ কৰে।

জৈৱ বৈচিত্ৰ ৰক্ষাৰ বাবে প্ৰতিজ্ঞাবৱ্ধ হ'বলৈ আহ্বান মোডীৰ

প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে বিশ্ব পৰিবেশ দিৱস উপলক্ষে আমি আমাৰ পৃথিৱীৰ জৈৱ বৈচিত্ৰ ৰক্ষাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে বুলি উল্লেখ কৰে। সামুহিকভাৱে বন্যপ্ৰাণী,উদ্ভিদ আদি সংৰক্ষণৰ বাবে সম্ভৱ অনুসৰি চেষ্টা কৰিব লাগে। ভৱিষ্যত প্ৰজন্মৰ বাবে পৃথিৱীখনত অধিক উন্নত গ্ৰহ হিচাপে গঢ়ি তোলাৰ বাবে কাম কৰিব লাগে বুলি উল্লেখ প্ৰধানমন্ত্ৰীৰ।

লগতে,বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি টুইটাৰযোগে মন কি বাত অনুষ্ঠানৰ এটা বিশেষ ভিডিঅ' শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। জৈৱ বৈচিত্ৰ্য সংৰক্ষণক মূল বিষয় বস্তু হিচাপে পালন কৰা হয় এইবছৰৰ বিশ্ব পৰিৱেশ দিৱস।

উল্লেখ্য যে, ১৯৭৩ চনৰ পৰাই প্ৰতিবছৰে ৫ জুনৰ দিনটো ‘বিশ্ব পৰিৱেশ দিৱস’ ৰূপে পালন কৰি অহা হৈছে। মানুহৰ জীৱনত সেউজ আৰু স্বাস্থ্য়সন্মত পৰিৱেশৰ গুৰুত্ব সম্পৰ্কত বিশ্বজুৰি সজাগতা সৃষ্টিয়ে এই দিৱসৰ মূল লক্ষ্য। বিশ্ব পৰিৱেশ দিৱস প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিয়ে ১৯৭২ চনৰ ৫-১৬ জুনলৈকে অনুষ্ঠিত মানৱ পৰিৱেশ সন্মিলনত আৰম্ভ কৰিছিল।

লগতে চাওকঃ বিশ্ব পৰিবেশ দিৱস : এইবৰ্ষৰ বিষয়বস্তু "TIME OF NATURE" !

ABOUT THE AUTHOR

...view details