নিউজ ডেস্ক, 20 ডিচেম্বৰ: নিয়ন্ত্ৰক অনিশ্চয়তা ভাৰতৰ অৰ্থনৈতিক অৱনমনৰ এক মুখ্য কাৰণ ৷ এইবুলি ব্যক্ত কৰে আন্ত:ৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথে ৷ লগতে এখন অৰ্থনীতিৰ উন্নয়নৰ বাবে যদিও সংশোধনৰ প্ৰয়োজন,কিন্তু এই সংশোধনত স্পষ্টতা আৰু নিশ্চয়তা থকাটো অতি জৰুৰী বুলিও প্ৰকাশ কৰে অৰ্থনীতিবিদ গৰাকীয়ে ৷
তেওঁ কয় যে,''নিয়ন্ত্ৰক অনিশ্চয়তাই ভাৰতৰ অৰ্থনীতিত এক মুখ্য ভূমিকা পালন কৰে৷ আৰু এই বিষয়টো গুৰুত্বসহকাৰে লোৱাটোও অতি প্ৰয়োজন৷ অৰ্থনীতিত সংশোধনৰ প্ৰয়োজন, মাথো জৰুৰী এই সংশোধনত স্পষ্টতা আৰু নিশ্চয়তা থকাটো ৷ অৰ্থনীতিবিদসকলেও সংশোধন বিচাৰে ৷'' চেম্বাৰচ অফ কমাৰ্চৰ 92 সংখ্যক অধিবেশনত এই কথা ব্যক্ত কৰে আন্ত:ৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথে ৷