নিউজ ডেস্ক, ২৩ জুনঃ যোগগুৰু বাবা ৰামদেৱে মঙলবাৰে মুকলি কৰে মহামাৰী কৰ'ণা প্ৰতিৰোধ কৰা আয়ুৰ্বেদিক ঔষধ । কোৰোনিল নামৰ এবিধ টেবলেট মুকলি কৰে বাবা ৰামদেৱে । এই টেবলেট বিধৰ জৰিয়তে মহামাৰী কৰ'ণা প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱাৰ উপৰিও কৰ'ণা আক্ৰান্ত ৰোগী সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠিছে বুলি দাবী কৰে ৰামদেৱে ।
যোগগুৰু ৰামদেৱে প্ৰথমে এই টেৱলেটৰ জৰিয়তে ১০০ গৰাকী লোকৰ ওপৰত ক্লীনিক ট্ৰায়েল কৰি চাই বুলি সদৰি কৰে । এই ১০০ গৰাকী ৰোগীৰ ভিতৰত ৬৯ শতাংশ ৰোগী তিনি দিনৰ ভিতৰত কৰ'ণা পজিটিভৰ পৰা নিগেটিভ পোৱা যায় বুলি সদৰি কৰে । আৰু বাকী ৰোগীসকল ৭ দিনৰ ভিতৰত আৰোগ্য হৈ উঠে বুলি সদৰি কৰে ।