নেশ্যনেল ডেস্ক, 8 জানুৱাৰী :অসমৰ উদাহৰণ দি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ববডেই প্ৰশ্ন উত্থাপন কৰে যে, অসমৰ দৰে অন্য ৰাজ্যৰ বন বিষয়াসকল কিয় অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত নহয় ৷ তেওঁ লগতে কয় যে, অসমৰ দৰে অন্য ৰাজ্যৰ বন বিষয়াসকলে সম অধিকাৰ কিয় লাভ কৰা নাই ৷ ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশৰ দৰে ৰাজ্যত সততে বন বিষয়াই হিংসাত্মক আক্ৰমণৰ বলি হোৱাৰ পাচতে উক্ত ৰাজ্যকেইখনৰ চৰকাৰৰ পৰা শুকুৰবাৰে এই সম্পৰ্কত প্ৰতিবেদন বিচাৰে উচ্চতম ন্যায়ালয়ে ৷
লগতে মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে, বন বিষয়াসকলৰ বাবে বুলেটপ্ৰুফ জেকেট, হেলমেট আদি যোগানৰ বাবে পুঁজিৰ অনুমোদন জনোৱাটো উচ্চতম ন্যায়ালয়ে নিশ্চিত কৰিব ৷ তেওঁ লগতে কিছুসংখ্যক বিষয়াৰ দ্বাৰা এক ৱাইল্ডলাইফ উইং গঠন কৰাৰো পৰামৰ্শ প্ৰদান কৰে ৷
ফৰেষ্ট ৰেঞ্জাৰৰ মৃত্যুৰ বাতৰি বহু পৰিমাণে বৃদ্ধি পোৱা সম্পৰ্কত এক শুনানি গ্ৰহণ কৰিছিল মুখ্য ন্যায়াধীশ এছ এ ববডেৰ নেতৃত্বত গঠিত এক বিচাৰক মণ্ডলীয়ে ৷ তেওঁৰ সৈতে এই বিচাৰক মণ্ডলীত আছিল এ এছ বোপান্না আৰু ভি ৰামাসুব্ৰমনিয়াম ৷ ববডেই কয় যে, প্ৰতিজন বন বিষয়াৰে সুৰক্ষাৰ দিশটো অন্য সকলতকৈ অধিক পৰিমাণে নিশ্চিত কৰিব লাগিব ৷ ইয়াৰ কাৰণ হৈছে বন বিষয়াসকলে সাধাৰণত অকলে কৰ্তব্যত থাকে আৰু সহায়ৰ বাবে অন্য লোকৰ কাষ চাপিব নোৱাৰে ৷
জ্যেষ্ঠ অধিবক্তা শ্যাম দিভানে দাখিল কৰা এক প্ৰতিবেদন অনুসৰি, প্ৰায় 32 শতাংশ ফৰেষ্ট ৰেঞ্জাৰ নিৰস্ত্ৰ হোৱাৰ বাবে চোৰাং চিকাৰীয়ে হত্যা কৰি থৈ যায় ৷ ৰাজস্থান, মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰত এনে ঘটনাৰ বিৰুদ্ধে বহু কেইটা গোচৰ দাখিল কৰা হৈছে ৷ দিভানেও এই লোকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ ওপৰত জোৰ দিয়ে ৷